বদৰপুৰ, 4 আগষ্ট : তিনি তালাক আইন 2019 ৰ বিৰোধিতা ৷ তিনি তালাক আইনৰ ঘোৰ বিৰোধিতা কৰে উত্তৰপূৰ্ব ভাৰতৰ এমাৰতে শৰয়ীয়া আৰু নদওয়া তুত তামিৰ নামৰ সংগঠনটোৱে ৷ দেওবাৰে বদৰপুৰত উক্ত সংগঠনৰ কাৰ্য্যালয়ত এক সংবাদ মেল যোগে কৰ্মকৰ্তা সকলে কয় যে, তিনি তালাক আইন 2019ৰে বৰ্তমান চৰকাৰে মুছলিম মহিলা সকলক বিপদত পেলাব খুজিছে ৷ কিয়নো পৰিয়ালৰ মাজত স্বাভাৱিকতে নাৰী মাজত পুৰুষৰ কাজিয়া হ'ব পাৰে অথবা এজন আনজনৰ মতৰ অমিল হ'ব পাৰে ফলত এজন আন জনক ত্যাগ কৰিব পাৰে ৷ কিন্তু এই আইনে মহিলাসকলক বিবাহ বিচ্ছেদ কৰাত সমস্যাৰ সৃষ্টি কৰিব দুৰ্ভগীয়া মহিলা সকলে আত্মহত্যা পথ ল'ব পাৰে বুলিও মন্তব্য কৰে৷
তিনি তালাক আইনৰ বিৰোধিতা ! - উত্তৰপূৰ্ব ভাৰতৰ এমাৰতে শৰয়ীয়া আৰু নদওয়া তুত
তিনি তালাক আইন 2019 ৰ বিৰোধিতা ৷ বদৰপুৰত তিনি তালাক আইনৰ ঘোৰ বিৰোধিতা কৰে উত্তৰপূৰ্ব ভাৰতৰ এমাৰতে শৰয়ীয়া আৰু নদওয়া তুত তামিৰ নামৰ সংগঠনটোৱে
তিনি তালাক আইনৰ বিৰোধীতা
উল্লেখযোগ্য যে, মুছলিম মহিলাৰ সুৰক্ষাৰ বাবে প্ৰণয়ন কৰা তিনি তালাক আইন 2019 বিৰোধিতা কৰি সংগঠনটোৱে এই আইনৰ দ্বাৰা মহিলাসকল বিপদত পৰা বুলিহে দাবী কৰিছে ৷ কিন্তু ইয়াৰ বিপৰীতে, ইতিমধ্যে অসমৰে হোজাই জিলাত তিনি তালাক মানি নোলোৱাৰ বাবেই স্বামীৰ দ্বাৰা পত্নীক হত্যাৰ চেষ্টা কৰা পৰিলক্ষিত হৈছে ৷