অসম

assam

By

Published : Aug 14, 2020, 5:12 PM IST

ETV Bharat / state

মেনেজাৰ বদলিৰ নিৰ্দেশঃ লঙ্গাই চাহ বাগানত উত্তাল প্ৰতিবাদ

বদলিৰ নিৰ্দেশ বাতিলৰ দাবীৰে শুকুৰবাৰে বাগানখনৰ প্ৰায় 2 শতাধিক শ্ৰমিকে সাব্যস্ত কৰে প্ৰতিবাদ ৷

Protest against the transfer order of Longai Tea Estate manager
মেনেজাৰ বদলিৰ নিৰ্দেশ প্ৰত্যাহাৰৰ দাবীত লঙ্গাই চাহ বাগানত উত্তাল প্ৰতিবাদ

কৰিমগঞ্জ, 14 আগষ্ট: বাগানৰ মেনেজাৰৰ বদলিৰ নিৰ্দেশৰ বিৰোধিতাৰে লঙ্গাই চাহ বাগানৰ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ ৷ মেনেজাৰ প্ৰদীপ গগৈৰ বদলিৰ নিৰ্দেশ বাতিলৰ দাবীৰে শুকুৰবাৰে বাগানখনৰ প্ৰায় 2 শতাধিক শ্ৰমিকে সাব্যস্ত কৰে প্ৰতিবাদ ৷ শীঘ্ৰে মেনেজাৰ গৰাকীৰ বদলিৰ নিৰ্দেশ বাতিল নকৰিলে আগন্তুক সময়ত অধিক জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে ৷

মেনেজাৰ বদলিৰ নিৰ্দেশ প্ৰত্যাহাৰৰ দাবীত লঙ্গাই চাহ বাগানত উত্তাল প্ৰতিবাদ

উল্লেখ্য যে,দীৰ্ঘ সময়ৰ ধৰি অসম চৰকাৰৰ অধীনত থকা লঙ্গাই চাহ বাগান খনৰ মেনেজাৰৰ দায়িত্ব পালন কৰি আহিছে প্ৰদীপ গগৈ নামৰ ব্যক্তি গৰাকীয়ে ৷ কিন্তু হঠাৎ ৰাজ্য চৰকাৰৰ টি-কৰ্পোৰেচনৰ তৰফৰ পৰা মেনেজাৰ গৰাকীৰ বদলিৰ বাবে নিৰ্দেশ প্ৰেৰণ কৰা হয় ৷ এই খবৰ বিয়পি পৰাৰ লগে লগে বাগানৰ কৰ্মচাৰী সকলৰ মাজত সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়া ৷ ষড়যন্ত্ৰমূলক ভাৱে মেনেজাৰ জনক বদলি কৰাৰ অভিসন্ধি ৰচনা কৰাৰ অভিযোগেৰে শুকুৰবাৰে প্ৰতিবাদ সাব্যস্ত কৰে বাগান খনৰ কৰ্মচাৰী সকলে ৷ শ্ৰমিক সকলে উল্লেখ কৰা অনুসৰি মেনেজাৰ জনৰ তত্বাৱধানত পূৰ্বতকৈ বাগানৰ কাম কাজ বহু উন্নত হৈছে ৷ তেঁওৰ ওপৰত কাৰোবাৰ কোপ দৃষ্টি পৰাৰ বাবেই তেওঁক বদলি কৰাৰ চেষ্টা কৰা হৈছে ৷

লগতে পঢ়কঃতেতেলীয়াত বিদুৎস্পৃষ্ট হৈ এজনৰ কৰুণ মৃত্যু

ABOUT THE AUTHOR

...view details