কৰিমগঞ্জ, 4 আগষ্ট:সোমবাৰে কৰিমগঞ্জত জাতীয় শিক্ষা নীতিৰ বিৰুদ্ধে সৰ্ব ভাৰতীয় বিপ্লৱী ছাত্ৰ সংগঠনৰ বিক্ষোপ প্ৰদৰ্শন । কৰিমগঞ্জত All India Democratic Students Organisation (AIDSO) ছাত্ৰ সংগঠনৰ জিলা কমিটিৰ কৰ্মী সকলয়ে এই নীতিৰ তীব্ৰ বিৰোধীতা কৰি কেন্দ্ৰীয় চৰকাৰৰ এই নীতিয়ে ছাত্ৰ-ছাত্ৰীক বিপথে পৰিচালিত কৰিব বুলি উল্লেখ কৰে ৷ চৰকাৰে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক লৈ লৰা-ধেমালি কৰিছে বুলিও অভিযোগ উত্থাপন কৰে ৷
কৰিমগঞ্জত জাতীয় শিক্ষা নীতিৰ বিৰুদ্ধে প্ৰতিবাদ - NEA 2020
জাতীয় শিক্ষা নীতিৰ তীব্ৰ বিৰোধীতা এআইডিএছঅ’ সংগঠনৰ ৷ শিক্ষা বিভাগটো পুঁজিপতিৰ হাতত তুলি দিব বিচৰা চৰকাৰৰ নীতিৰ বিৰুদ্ধে সমগ্ৰ দেশতে আন্দোলন গঢ়ি তুলিব বুলি সকীয়নি দিলে সংগঠনটোৱে ।

Protest against the national education act 2020 at Karimganj
জাতীয় শিক্ষা নীতিৰ বিৰুদ্ধে কৰিমগঞ্জত ব্যাপক প্ৰতিবাদ
সংগঠনটোৰ প্ৰশ্ন কিয় মাধ্যমিক আৰু এম ফিল বাতিল কৰিব । কিয় ষান্মষিক আৰম্ভ হ’ব মাধ্যমিকৰ পৰা, লগতে স্নাতক ডিগ্ৰী চাৰি বছৰ বৃদ্ধি এইবোৰ পদ্ধতিৰ তেওঁলোকে মানি নলয় বুলিও উল্লেখ কৰে । শিক্ষা বিভাগটো পুঁজিপতিৰ হাতত তুলি দিব বিচৰা চৰকাৰৰ নীতিৰ বিৰুদ্ধে সমগ্ৰ দেশতে আন্দোলন গঢ়ি তুলিব বুলি সকীয়নি প্ৰদান সংগঠনটোৰ ।