অসম

assam

কৰিমগঞ্জৰ লামাবাহাদুৰ গাঁৱত লোমহৰ্ষক হত্যাকাণ্ড

By

Published : Oct 30, 2020, 1:05 PM IST

লামাবাহাদুৰ গাঁৱত উদ্ধাৰ হয় কুবাদ উদ্দিন নামৰ এজন লোকৰ মৃতদেহ ৷ তাৰ পাছতে উত্তপ্ত হৈ পৰে অঞ্চলটো ৷ হত্যাকাৰীক অতি শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী জনায় স্থানীয় ৰাইজে ৷

protest against murder at Karimganj
কৰিমগঞ্জৰ লামাবাহাদুৰ গাঁৱত লোমহৰ্ষক হত্যাকাণ্ড

কৰিমগঞ্জ,30 অক্টোবৰ: কৰিমগঞ্জৰ লামাবাহাদুৰ গাঁৱত লোমহৰ্ষক হত্যাকাণ্ড ৷ সোমবাৰে দিনৰ ভাগত অটো ৰিক্সা মেৰামতিৰ বাবে কুবাদ উদ্দিন নামৰ লোকজন গৈছিল লামাবাহাদুৰ গাঁৱলৈ ৷ কিন্তু গোটেই নিশা ঘৰলৈ উভতি নগ'ল কুবাদ উদ্দিন ৷ তাৰ পাছত মংগল বাৰে ৰাতিপুৱা কুবাদ উদ্দিনৰ মৃতদেহ উদ্ধাৰ হয় ৰন্টুলাল ৰবিদাস নামৰ লোকজনৰ বাসগৃহৰ ওচৰত থকা পথাৰত ৷ স্থানীয় ৰাইজে মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে ৷ ঘটনাস্থলীত নিলামবজাৰ আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো ৷ ইফালে এই ঘটনাৰ পাছতে উত্তপ্ত হৈ পৰে অঞ্চলটো ৷ হত্যাকাণ্ডৰ লগত ৰন্টুলাল ৰবিদাস নামৰ লোকজন জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ হত্যাকাৰীক অতি শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী জনায় লামাবাহাদুৰ গাঁৱৰ ৰাইজে ৷ যাৰ বাবে আজি স্থানীয় ৰাইজে বিক্ষোভ প্ৰদৰ্শন কৰে ৷

ABOUT THE AUTHOR

...view details