অসম

assam

ETV Bharat / state

মন্ত্ৰী ৰঞ্জিৎ দত্তৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে

কৰিমগঞ্জ জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ক্ষোভ উজাৰিলে মন্ত্ৰী ৰঞ্জিৎ দত্তৰ বিৰুদ্ধে ৷ মন্ত্ৰী ৰঞ্জিৎ দত্তই বিধানসভাৰ গ্ৰীষ্মকালিন অধিৱেশনত সংখ্যালঘু ছাত্ৰবৃত্তিৰ নামত হোৱা অনিয়মৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে বুলি কৰা মন্তব্য সম্পূৰ্ণ মিছা বুলি অভিযোগ উত্থাপন কৰিছে কৰিমগঞ্জ জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷

By

Published : Sep 10, 2020, 12:44 PM IST

কৰিমগঞ্জ জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি
কৰিমগঞ্জ জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি

কৰিমগঞ্জ, 10 ছেপ্তেম্বৰ: শেহতীয়াকৈ সম্পন্ন হোৱা বিধানসভাৰ গ্ৰীষ্মকালিন অধিৱেশনত সংখ্যালঘু ছাত্ৰবৃত্তিৰ নামত হোৱা অনিয়মৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে বুলি উল্লেখ কৰিছিল মন্ত্ৰী ৰঞ্জিৎ দত্তই ৷ কিন্তু তেওঁৰ সেই ভাষ্য সম্পূৰ্ণ মিছা বুলি অভিযোগ উত্থাপন কৰিছে কৰিমগঞ্জ জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷

মন্ত্ৰী ৰঞ্জিৎ দত্তৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে কৰিমগঞ্জ জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে

কৰিমগঞ্জৰ কৃষক নেতা সকলে উল্লেখ কৰা অনুসৰি, সংখ্যালঘু ছাত্ৰবৃত্তিৰ নামত হোৱা অনিয়মৰ বিৰুদ্ধে কৰিমগঞ্জ থানাত সংগঠনটোৱেহে গোচৰ ৰুজু কৰিছে ৷ মন্ত্ৰী ৰঞ্জিৎ দত্ত বা চৰকাৰৰ তৰফৰ পৰা কোনো ধৰণৰ গোচৰ ৰুজু কৰা নাই ৷ যাৰ বাবে মন্ত্ৰী গৰাকীয়ে বিধানসভাত দিয়া ভাষণ মিছা বুলি ক্ষোভ উজাৰে সংগঠনটোৰ একাংশ নেতা, কৰ্মচাৰীয়ে ৷ বুধবাৰে কৰিমগঞ্জত জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে মন্ত্ৰী ৰঞ্জিৎ দত্তৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ উল্লেখ্য যে ছাত্ৰবৃত্তিৰ নামত হোৱা অনিয়মৰ বিৰুদ্ধে ৰাজ্যৰ ভিন্ন থানাত পৃথকে পৃথকে গোচৰ ৰুজু কৰা হৈছে যদিও, এই পৰ্যন্ত আৰক্ষীয়ে বিষয় সন্দৰ্ভত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে ৷

লগতে পঢ়ক:মাতাল যুৱকে অপদস্থ কৰিলে ক’ভিড চেন্টাৰৰ স্বাস্থ্য কৰ্মীক

ABOUT THE AUTHOR

...view details