কৰিমগঞ্জ, 31 অক্টোবৰ :নবী হজৰত মহম্মদক লৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে কৰা বিতৰ্কিত মন্তব্যৰ পিচতে সমগ্ৰ বিশ্বত প্ৰতিবাদ অব্যাহত থকাৰ সমান্তৰালকৈ কৰিমগঞ্জতো অব্যাহত আছে প্ৰতিবাদ ৷ শনিবাৰে জিলাখনৰ বিভিন্ন ঠাইত তীব্র প্রতিবাদ সাবস্ত কৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলে ।
কৰিমগঞ্জ, পাথাৰকান্দি, কঠামনিত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ পুত্তলিকা দাহ কৰাৰ লগতে ফ্রান্সৰ জাতীয় পতাকাত জুই লগাই তীব্র প্রতিবাদ সাবস্ত কৰে । উক্ত প্ৰতিবাদী কাৰ্যসূচীত ফ্ৰান্সৰ সামগ্ৰী বৰ্জন কৰক,ফ্ৰান্স মুৰ্দাবাদ আদি শ্ল’গান দি উত্তাল কৰি তোলে পৰিৱেশ। ইফালে,প্ৰতিবাদকাৰীসকলে মুছলমান ৰাষ্ট্ৰসমূহক ক্ষমা খুজিবলৈকো দাবী উত্থাপন কৰে ৷