অসম

assam

ETV Bharat / state

ত্ৰিপুৰাত কেবৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ - ত্ৰিপুৰাত কেবৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ

ত্ৰিপুৰাত কেবৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে ৷ প্ৰতিবাদত আৰক্ষী আৰু বন্ধ সমৰ্থকৰ মাজত হতাহতিৰ ঘটনাও সংঘটিত হৈছে ৷

বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ
ত্ৰিপুৰাত কেবৰ বিৰুদ্ধে প্ৰতিবাদ

By

Published : Dec 10, 2019, 10:09 PM IST

কৰিমগঞ্জ, 10 ডিচেম্বৰ : নেছৰ আহ্বানত অসমৰ চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাৰ অ'টোনমাছ ডিষ্ট্ৰিক্ট কাউন্সিল চমুকৈ এডিছি এলেকাত কেব বিৰোধী আন্দোলন অব্যাহত আছে ৷ মঙলবাৰে বিয়লি ত্ৰিপুৰাৰ কাঞ্চনপুৰ, আনন্দবজাৰ, মনু, গণ্ডাচৰাকে ধৰি বহুকেইটা স্থানত আয়োজন কৰা প্ৰতিবাদত আৰক্ষী আৰু বন্ধ সমৰ্থকৰ মাজত হতাহতিৰ ঘটনা সংঘটিত হয় ৷ পৰিস্থিতি অধিক অৱনতি হোৱাত আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰিব লগা হয় ৷

ত্ৰিপুৰাত কেবৰ বিৰুদ্ধে প্ৰতিবাদ

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল আৰু ত্ৰিপুৰা লেণ্ডৰ দাবীত প্ৰতিবাদকাৰীয়ে এই আন্দোলন সাব্যস্ত কৰে । কাঞ্চনপুৰ এলেকাত বহু কেইখন ব্যৱসায়িক প্ৰতিষ্ঠান জ্বলাই দিয়াৰ লগতে এখন বাহনতো দুস্কৃতিকাৰীয়ে অগ্নিসংযোগ কৰে ৷ ইয়াৰোপৰি, গণ্ডাচৰা এলেকাত অৱৰোধৰ মাজত হাস্পতাললৈ যোৱা এখন এম্বুলেন্স বন্ধ সমৰ্থকে অৱৰোধ কৰি ৰখাৰ ফলত এটি কনমানিৰ মৃত্যু হোৱাৰ তথ্যও লাভ কৰা হৈছে ৷ আনহাতে, ৰাজ্য চৰকাৰৰ গৃহ বিভাগৰ তৰফৰ পৰা আইন-শৃংখলা ৰক্ষা কৰিবৰ বাবে দুদিনৰ কাৰণে ইণ্টাৰনেট সেৱা বন্ধ ঘোষণা কৰা হৈছে ।

ত্ৰিপুৰাত কেবৰ বিৰুদ্ধে প্ৰতিবাদ
আঘাতপ্ৰাপ্ত প্ৰতিবাদকাৰী

ত্ৰিপুৰাত প্ৰতিবাদী কাৰ্যসূচী তীব্ৰতৰ হৈ পৰাৰ সময়তে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে মন্তব্য কৰে যে, ত্ৰিপুৰাত কোনো ধৰণৰ আন্দোলনেই হোৱা নাই ৷

ত্ৰিপুৰাত কেবৰ বিৰুদ্ধে প্ৰতিবাদ

আৰু পঢ়ক : যোৰহাটত পৰিস্থিতি ভয়াৱহ: আৰক্ষীৰ গুলীচালনাঃ আহত আৰক্ষী

For All Latest Updates

ABOUT THE AUTHOR

...view details