কৰিমগঞ্জ,21 জুলাই:সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত সংঘটিত কেলেংকাৰীয়ে তোলাপাৰ সৃষ্টি কৰিছে ৰাজ্যত ৷ উক্ত কেলেংকাৰী সন্দৰ্ভত ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰ হৈছিল সংবাদ মাধ্যমত ৷ সম্প্ৰতি উক্ত গোচৰ প্ৰত্যাহাৰৰ বাবে আগবঢ়োৱা প্ৰায় 50 লক্ষাধিক টকাৰ কথা জড়িত এক অডিঅ’ ক্লিপিং ভাইৰেল হোৱাত ঘটনাই অন্য মোৰ লোৱা দেখা গৈছে ৷
ঘটনাৰ বিৱৰণী অনুসৰি,এই কেলেংকাৰী সন্দৰ্ভত গোচৰ ৰুজু কৰিছিল কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷ সংগঠনটোৰ কৰিমগঞ্জ জিলা সমিতিৰ সভাপতি ফজল আলম ছিদ্দিকিলৈ এটা অজ্ঞাত নম্বৰৰ পৰা অহা ফোনকলত এই গোচৰ উঠাই লোৱাৰ বাবদ 50 লাখ টকাৰ উপঢৌকন আগবঢ়োৱা হৈছিল ৷ এই সুবিধা গ্ৰহণ নকৰিলে পৰিস্থিতি ভয়ংকৰ হোৱাৰো হুমকি প্ৰদান কৰা হৈছিল ছিদ্দিকিক ৷ কিন্তু বৰ্তমান এই ফোনকলৰ অডিঅ’ ভাইৰেল হৈ সংবাদ মাধ্যমৰ সন্মুখলৈ আহে ৷