অসম

assam

ETV Bharat / state

কালিগঞ্জ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসকৰ ব্যক্তিগত চেম্বাৰ - etv bharat

কালিগঞ্জ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসকৰ ব্যক্তিগত চেম্বাৰ ৷ দুশ টকাৰ বিনিময়ত ৰোগীক চিকিৎসা সেৱা আগবঢ়ায় চিকিৎসকে ৷ ইটিভি ভাৰতৰ কেমেৰাত বন্দী সকলো দৃশ্য ৷

কালিগঞ্জ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসকৰ ব্যক্তিগত চেম্বাৰ

By

Published : Aug 3, 2019, 12:19 PM IST

কৰিমগঞ্জ, 3 আগষ্টঃ কৰিমগঞ্জৰ কালিগঞ্জ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত একো একোটা ব্যক্তিগত চেম্বাৰত দুশ টকাৰ বিনিময়ত ৰোগীক চিকিৎসা সেৱা আগবঢ়ায় চিকিৎসকে৷ স্বাস্থ্য বিভাগৰ নিৰ্দেশনাক কেৰেপ নকৰাকৈ কালিগঞ্জ প্ৰাথমিক চিকিৎসালয়ত এনেদৰে টকাৰ বিনিময়ত চিকিৎসকে চলাই গৈছে ব্যক্তিগত চেম্বাৰ । OPD চলি থকা অবস্থাত চিকিৎসকৰ বেআইনী কামৰ সকলো দৃশ্য বন্দী হয় ইটিভি ভাৰতৰ গোপন কেমেৰাত৷ ডাঃ এম ইউ আহমেদৰ চেম্বাৰত দুশ টকাৰ বিনিময়ত চিকিৎসা প্ৰদান কৰা হয় ৰোগীক৷ আনহাতে হস্পিটালৰ ইনচাৰ্জেও হস্পিটাল চৌহদত প্ৰতিজন চিকিৎসকে ব্যক্তিগত চেম্বাৰ চলোৱাৰ কথা স্বীকাৰ কৰিছে৷ গতিকে চিকিৎসকৰ এনে অনৈতিক কামৰ ক্ষেত্ৰত স্বাস্থ্য মন্ত্ৰী ডাঙৰীয়াই গ্ৰহন কৰা ব্যবস্থা হ'ব লক্ষ্যণীয়৷

কালিগঞ্জ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসকৰ ব্যক্তিগত চেম্বাৰ

ABOUT THE AUTHOR

...view details