কৰিমগঞ্জ,1 জুন: কৰিমগঞ্জৰ চাঞ্চল্যকৰ জয়দ্বীপ হত্যাকাণ্ডৰ ৰহস্য ফাদিল । ট্ৰান্সপৰ্টৰ টকা আত্মসাতৰ ঘটনা গাপ দিবলৈ মেনেজাৰক হত্যা সতীৰ্থৰ। ঘটনাৰ ২৪ ঘন্টাৰ ভিতৰত কৰিমগঞ্জ আৰক্ষীৰ সফলতা । মূল অভিযুক্ত আৰু ঘাতকক গ্ৰেপ্তাৰ । উল্লেখ্য, এই হত্যাকাণ্ডক লৈ ব্যাপক উত্তেজনাৰ সৃষ্টি হৈছিল কৰিমগঞ্জত । মৃতদেহ লৈ সমদল কৰি অবৰোধ কৰা হৈছিল ৰাজপথ । ৰাইজৰ হেচাত ২৪ ঘন্টাৰ ভিতৰতে হত্যাকাণ্ডৰ ৰহস্য ফাদিল কৰিবলৈ সক্ষম হয় কৰিমগঞ্জ আৰক্ষী । ধৰা পৰিল মাষ্টাৰামাইণ্ড স্বাৰ্থক নাগ আৰু মূল হত্যাকাৰী ঠেলাচালক সুভাষ নমোশুদ্ৰ। শুকুৰবাৰে হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ অহাৰ পিছতেই জয়দ্বীপৰ সতীৰ্থ সুগম ট্ৰান্সপৰ্টৰ কৰ্মচাৰী স্বাৰ্থক নাগৰ ফোনৰ চুইছ অফ পোৱা যায়। সন্দেহ হোৱাৰ বাবে আৰক্ষীয়ে স্বাৰ্থকক আটক কৰি থানালৈ লৈ যায় । গোটেই নিশা জেৰা চলাই শুকুৰবাৰে দিনৰ ভাগত স্বীকাৰ কৰে যে তেওঁ ঠেলাচালক সুভাষ নমোশুদ্ৰক জয়দ্বীপক হত্যা কৰিবলৈ কৈছিল। সেই অনুসৰি, আৰক্ষীয়ে সুভাষক গ্ৰেপ্তাৰ কৰাৰ পিছত তেওঁ হত্যাৰ কথা স্বীকাৰ কৰে। সন্ধিয়াৰ সময়ত ধৃত সুভাষক লগত লৈ তেওঁৰ ঘৰত অভিযান চলোৱাত উদ্ধাৰ হয় হত্যাকাণ্ডত ব্যবহৃত টাইলচৰ টুকুৰা আৰু হত্যাৰ সময়ত পিন্ধা তেজ লগা কাপোৰ ৷ হত্যাকাৰীৰ মতে, স্বাৰ্থকৰ নিৰ্দেশতে জয়দ্বীপক হত্যা কৰা হয় ৷ লগতে সুভাষৰ জয়দ্বীপৰ বিৰুদ্ধে ব্যক্তিগত আক্ৰোশ থকাৰ কথা উল্লেখ কৰে ৷
জয়দ্বীপ হত্যাকাণ্ডৰ মূল অভিযুক্তক আটক - আটক
হত্যাকাৰীৰ মতে, স্বাৰ্থকৰ নিৰ্দেশতে জয়দ্বীপক হত্যা কৰা হয় ৷ লগতে সুভাষৰ জয়দ্বীপৰ বিৰুদ্ধে ব্যক্তিগত আক্ৰোশ থকাৰ কথা উল্লেখ কৰে ৷

লগতে পঢ়ক: 'নাটক কৰিও স্বচ্চল জীৱন যাপন কৰিব পাৰি'
শুকুৰবাৰ নিশা এক সংবাদমেলত কৰিমগঞ্জৰ আৰক্ষী অধিক্ষক মানবেন্দ্ৰ দেৱৰয়ে ঘটনাৰ বিতং তথ্য দাঙি ধৰে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, সুগম ট্ৰান্সপৰ্টৰ মেনেজাৰ জয়দ্বীপ বিয়াৰ বাবে এসপ্তাহ ছুটিত থকাৰ সময়ত কম্পিউটাৰ কৰ্মী স্বাৰ্থক নাগে ১১লাখ টকা আত্মসাৎ কৰিছিল । বিয়াৰ পৰা উভতি আহি টকাৰ কেলেংকাৰী পোহৰলৈ অহাত দুয়োৰ মাজত কাজিয়া হয়। বিত্তীয় কেলেংকাৰী গাপ দিয়াৰ বাৱেই স্বাৰ্থকে এই কাৰ্য কৰিবৰ বাবে পূৰ্বৰ আক্ৰোশ থকা এগৰাকী ঠেলাচালকক হত্যাকাণ্ড সংঘটিত কৰিবলৈ নিয়োগ কৰে ৷ পূৰ্বে ঠেলাচালক সুভাষ নমোশুদ্ৰই মদ্যপান কৰি হুলস্থল কৰাৰ বাবে মেনজাৰ জয়দ্বীপে গালিগালাজ পাৰি প্ৰহাৰ কৰিছিল। উল্লেখ্য, ধৃত ঠেলাচালক জনেও স্বীকাৰ কৰে,স্বাৰ্থক নাগে জয়দ্বীপক হত্যা কৰিবলৈ কোৱাত ভয় খাইছিল যদিও স্বাৰ্থকে নেতাৰ লগত ঘনিষ্ঠতা থকা বুলি কৈ তেওঁক এই কাম কৰিবলৈ আশ্বাস প্ৰদান কৰে ৷