অসম

assam

ETV Bharat / state

বিটিচি চৰকাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ ইউপিপিএলৰ মুখপাত্ৰৰ - প্ৰমোদ বড়ো

শুকুৰবাৰে ইউপিপিএলৰ মুখপাত্ৰ পৃথ্বীৰাজ নাৰায়ন দেৱ মেচে এখন সংবাদমেল সম্বোধন কৰি বিটিচি চৰকাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে ৷

ইউপিপিএলৰ মুখপাত্ৰ
ইউপিপিএলৰ মুখপাত্ৰ

By

Published : Apr 3, 2020, 8:18 PM IST

Updated : Apr 3, 2020, 8:31 PM IST

কোকৰাঝাৰ, 3 এপ্ৰিলঃবিপিএফৰ কাৰ্যকাৰী সাধাৰণ সম্পাদক প্ৰবীণ বড়োই ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰাৰ পিচতে শুকুৰবাৰে, ইউপিপিএলৰ মুখপাত্ৰ পৃথ্বীৰাজ নাৰায়ন দেৱ মেচে বিটিচি চৰকাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৷ আজি কোকৰাঝাৰত অনুষ্ঠিত হোৱা এক সংবাদমেলত ইউপিপিএলৰ মুখপাত্ৰ পৃথ্বীৰাজ নাৰায়ন দেৱ মেচে কয় যে, বিটিচি চৰকাৰে যোৱা 17 বছৰে চাকৰি প্ৰদানৰ নামত বহুতো কেলেংকাৰী কৰিছে ৷ ২০১৫ চনত কোনো পৰীক্ষা অবিহনেই সমবায় দপ্তৰৰ উচ্চ পদত 14 গৰাকী লোকক নিযুক্তি দিয়া হৈছিল বুলি প্ৰকাশ কৰে মুখপাত্ৰ গৰাকীয়ে ৷ ইয়াৰোপৰি নিযুক্তি সম্পৰ্কীয় ভিন্ন তথ্য সংবাদ মাধ্যমৰ আগত দাঙি ধৰে পৃথ্বীৰাজ নাৰায়ন দেৱ মেচে ৷

চৰকাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ ইউপিপিএলৰ মুখপাত্ৰৰ
Last Updated : Apr 3, 2020, 8:31 PM IST

ABOUT THE AUTHOR

...view details