অসম

assam

ETV Bharat / state

Constituency Delimitation: সমষ্টিৰ পুনৰ নিৰ্ধাৰণ; বৰাকত প্ৰতিবাদৰ ঢৌ - Assam Constituency Delimitation Process

সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ হোৱাৰ পিছৰে পৰাই অস্থিৰ হৈ পৰিছে বৰাকৰ ৰাজনীতি ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা সন্দৰ্ভত মৌলানা আহমদ ছৈয়দ গোবিন্দপুৰীৰ সংবাদমেল ৷

Press Meet Over Assam Constituency Delimitation
সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ অসন্তষ্টি

By

Published : Jun 24, 2023, 9:42 PM IST

বৰাকত প্ৰতিবাদৰ ঢৌ

কৰিমগঞ্জ, 24 জুন: নিৰ্বাচনী আয়োগে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ কৰাৰ পিছৰে পৰাই ৰাজ্যৰ চৌদিশে অব্যাহত আছে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ ৷ বিভিন্ন ৰাজনৈতিক, অৰাজনৈতিক দল-সংগঠন, ব্যক্তিয়ে এই সন্দৰ্ভত প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়াৰ ৷

অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ হোৱাৰ পিছৰে পৰাই অস্থিৰ হৈ পৰিছে বৰাকৰ ৰাজনীতি ৷ একাংশই এই খচৰাক সমৰ্থন জনাইছে যদিও আন একাংশই ইয়াৰ তীব্ৰ বিৰোধিতা কৰি সাব্যস্ত কৰিছে প্ৰতিবাদ ৷ প্ৰকাশ কৰিছে তীব্ৰ অসন্তষ্টি ৷

সমষ্টিৰ পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত বৰাক উপত্যকাৰ আগশাৰীৰ ইছলামিক পণ্ডিত, পিচ মিছনৰ অধ্যক্ষ মৌলানা আহমদ ছৈয়দ গোবিন্দপুৰীৰ সংবাদমেল ৷ বৰাক ত্ৰিপুৰাৰ পৰা বিচ্ছিন্ন হোৱাৰ দৰেই বৰাক অসমৰ পৰা বিচ্ছিন্ন হ’ব বুলি হুংকাৰ দিয়ে নেতাজনে ৷ 54 বছৰ পূৰ্বে গঠন হোৱা 15 টা সমষ্টিৰ পৰা বৰাকৰ বিধানসভা সমষ্টি 13 টালৈ হ্ৰাস কৰাৰ বিষয়টোৱে ক্ষুন্ন কৰি তুলিছে বহুতকে ৷ 54 বছৰত বৰাকৰ জনসংখ্যা প্ৰায় দুগুণ বৃদ্ধি পোৱা বুলি দাবী কৰি আহমেদ ছৈয়দ গোবিন্দপুৰীয়ে প্ৰকাশিত সীমা নিৰ্ধাৰণৰ খচৰাৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি সমষ্টি হ্ৰাস কৰাৰ সিদ্ধান্তই বৰাকবাসীক প্ৰৱঞ্চনা কৰিছে বুলি মন্তব্য কৰে ৷

খচৰাত সমষ্টিৰ কৰ্তনে ক্ৰমান্বয়ে বৰাক উপত্যকাত প্ৰতিবাদৰ ঢৌ সৃষ্টি কৰিছে ৷ ইতিমধ্যে হাইলাকান্দিত হোৱা এক প্ৰতিবাদী কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মা, মন্ত্ৰী অশোক সিংঘাল আৰু ৰাজ্যিক নিৰ্বাচন আয়ুক্তৰ প্ৰতিকৃতি দাহ কৰে প্ৰতিবাদকাৰী সকলে ৷ বিভিন্ন ৰাজনৈতিক দলৰ তীব্ৰ আন্দোলনৰ মাজতে মৌলানা আহমদ ছৈয়দ গোবিন্দপুৰীয়ে সুকীয়া বৰাকৰ দাবী উথ্থাপন কৰিছে ৷ এই ক্ষেত্ৰত গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি স্পষ্ট কৰি দিয়ে ৷ বৰাকৰ পৰা দিল্লীৰ যন্তৰ মন্তৰলৈকে শান্তিপূৰ্ণ গণতান্ত্ৰিক পদ্ধতিৰে আন্দোলন অব্যাহত ৰাখিব বুলি তেওঁ স্পষ্ট কৰি দিয়ে ৷

আহমেদ চৈয়দ গোবিন্দপুৰীয়ে মন্তব্য কৰে যে যদিহে দাবী পূৰণ নহয় তেন্তে দেশৰ সৰ্বোচ্চ ন্যায়ালয়তো সমষ্টি বিলুপ্তিৰ বিৰুদ্ধে আবেদন কৰা হ’ব ৷ বৰাক উপত্যকাত দুটা সমষ্টি বিলুপ্তিৰ সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ সমালোচনা কৰি নেতাজনে কয় যে, আমি এগৰাকী বিধৱা মাতৃৰ পুত্ৰ, বৰাকৰ কাগজ কল, চেনি কল বন্ধ হৈ গৈছে ৷ আৰু কিমান বৰাকক বঞ্চিত কৰিব ৷ শেহতীয়াকৈ বিধানসভাৰ 2খনকৈ আসনো খচৰাত বিলুপ্ত কৰা হৈছে ৷ গতিকে প্ৰয়োজন হ'লে পৃথক বৰাক দাবী কৰা হ’ব বুলিও মন্তব্য কৰে নেতাজনে ৷

লগতে পঢ়ক:MLA Rama Kanta Dewri: নগৰত বাস কৰা কিছুমান মুধাফুটা ব্যক্তিয়ে সংৰক্ষণৰ বিৰোধিতা কৰিছে; ৰমাকান্ত দেউৰী

For All Latest Updates

ABOUT THE AUTHOR

...view details