কৰিমগঞ্জ, 21 ডিচেম্বৰ :এইবাৰ পোন প্ৰথমবাৰৰ বাবে সীমান্ত চহৰ কৰিমগঞ্জত 23 আৰু 24 ডিচেম্বৰত অনুষ্ঠিত হ'ব ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভা । এই উপলক্ষ্যে বৰাক উপত্যকাত ইতিমধ্যে বাহৰ পাতিছে দলৰ সভাপতি ৰঞ্জিত দাসে ।
আনহাতে, হাই ভল্টেজ এই সভাখনক কেন্দ্ৰ কৰি যথেষ্ট ব্যস্ততা বাঢ়িছে কৰিমগঞ্জ বিজেপিত । সভাক কেন্দ্ৰ কৰি বিজেপিৰ পতাকা লগোৱা হৈছে সমগ্ৰ চহৰত । সজাই তোলা হৈ আছে সভাস্থলী ৷