অসম

assam

By

Published : Aug 7, 2020, 1:27 PM IST

ETV Bharat / state

নতুন ৰাজনৈতিক সমীকৰণৰ অংকত ব্যস্ত নেকি প্ৰফুল্ল মহন্ত!

কৰিমগঞ্জত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তক সাক্ষাৎ কৰিলে উত্তৰ কৰিমগঞ্জৰ কংগ্ৰেছী বিধায়ক কমলাক্ষ দে পুৰকায়স্থই , সাক্ষাৎ নকৰিলে নিজ দল তথা মিত্ৰ দলৰ নেতা কৰ্মীয়ে ৷ তৃতীয় বিকল্প গঠনৰ কুচ-কাৱাজৰ ইংগিতৰ সন্দেহ বহুজনৰ ৷

নতুন ৰাজনৈতিক সমীকৰণৰ অংকত ব্যস্ত নেকি প্ৰফুল্ল মহন্ত!
নতুন ৰাজনৈতিক সমীকৰণৰ অংকত ব্যস্ত নেকি প্ৰফুল্ল মহন্ত!

কৰিমগঞ্জ,7 আগষ্টঃ সমাগত বিধানসভা নিৰ্বাচন ৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেখা পোৱা গৈছে ৰাজনৈতিক দলসমূহৰ ৰাজনৈতিক সমীকৰণ ৷ ক’ৰবাত যদি কান্ধত হাত থৈ আগবাঢ়িছে পূৰ্বে সাপ নেউলৰ দৰে সম্বন্ধ ৰখা ৰাজনৈতিক নেতা-কৰ্মী,ক’ৰবাত সমষ্টি আৰু সমষ্টিবাসীৰ সমস্যাক ধোঁৱাচাঙত উঠাই আন ৰাজনৈতিক দললৈ যোৱাৰ কুচ কাৱাজ চলোৱাত ব্যস্ত হৈ পৰিছে ৰাজনৈতিক নেতা ৷

আঞ্চলিক শক্তিক শক্তিশালী কৰাৰ ইংগিত প্ৰফুল্ল মহন্তৰ

এক অনুৰূপ ঘটনা প্ৰত্যক্ষ কৰা গ’ল কৰিমগঞ্জ জিলাত ৷ বিশেষ কাৰণবশতঃ কৰিমগঞ্জলৈ গৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰী তথা প্ৰাক্তন অগপ সভাপতি প্ৰফুল্ল কুমাৰ মহন্ত ৷ কিন্তু জিলাখনত উপস্থিত হোৱাৰ পাছত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক আদৰণি জনাবলৈ বা সাক্ষাৎ কৰিবলৈ নাহিল অগপ তথা মিত্ৰদলৰ কোনো নেতা কৰ্মী ৷ সকলোকে আচৰিত কৰি নেতা গৰাকীক সংগ দিলে উত্তৰ কৰিমগঞ্জৰ কংগ্ৰেছী বিধায়ক কমলাক্ষ দে পুৰকায়স্থই ৷ জ্যেষ্ঠ নেতাগৰাকীক সাক্ষাৎ কৰি গামোছা পিন্ধাই উষ্ম আদৰণি জনায় বিধায়ক গৰাকীয়ে ৷

অগপৰ বৰঘৰত প্ৰায় এলাগী আৰু অকলশৰীয়া হোৱা প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ লগত কংগ্ৰেছী বিধায়ক গৰাকীৰ এই ঘনিষ্ঠতাত বিশেষ ইংগিত পাইছে বহুজনে ৷ উল্লেখ্য যে, নতুন আঞ্চলিকতাবাদী দল গঠনৰ ইংগিত দিয়া প্ৰফুল্ল মহন্তই কৰিমগঞ্জৰ আৱৰ্ত ভৱনত সাংবাদিকক দিয়া সাক্ষাতকাৰতো আঞ্চলিকতাবাদী দলক শক্তিশালী কৰাৰ ইংগিত দিয়ে । লগতে নেতা গৰাকীয়ে মন্তব্য কৰে যে,অসমৰ সকলো জিলালৈ গৈ ৰাজনৈতিক অস্থিৰতাৰ বুজ লৈছে নেতা গৰাকীয়ে ৷ বিধায়ক কমলাক্ষ দে পুৰকায়স্থৰ সৈতে হোৱা সাক্ষাৎকাৰ সন্দৰ্ভত নেতা গৰাকীয়ে কয় যে,এজন সতীৰ্থ বিধায়কে লগ ধৰাটো অতি স্বাভাৱিক কথা ৷

উল্লেখযোগ্য যে,ৰাজ্যত প্ৰভাৱ কমি অহা কংগ্ৰেছ দলৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থই কিছুদিন পূৰ্বে বিজেপি দলত যোগদান কৰিব বুলি এক খবৰ ওলাইছিল ৷ আনহাতে কৰিমগঞ্জলৈ অহা বিৰোধী দলৰ কোনো নেতাকেই পূৰ্বে এইদৰে সাক্ষাৎ আৰু আদৰণি জনোৱা নাই বিধায়ক গৰাকীয়ে ৷ এনে প্ৰেক্ষাপটত নতুন ৰাজনৈতিক মঞ্চ খোলাৰ কুচ-কাৱাজ চলাই থকা তথা নতুন ৰাজনৈতিক মঞ্চৰ সন্ধানত থকা নেতা দুগৰাকীৰ এই সাক্ষাতে বহুতৰে বাবে বিশেষ তাৎপৰ্য বহন কৰিছে ৷

লগতে পঢ়কঃ ৰহা মীন মহাবিদ্যালয় পৰিদৰ্শন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

ABOUT THE AUTHOR

...view details