অসম

assam

By

Published : May 30, 2020, 5:58 PM IST

ETV Bharat / state

কৰিমগঞ্জত জৰাজীৰ্ণ বাট-পথে জীয়াতু ভোগাইছে ৰাইজক

কৰমগঞ্জৰ কানাইবজাৰ জৰাজীৰ্ণ পথে অতিস্থ কৰি তুলিছে ৰাইজক ৷ দীৰ্ঘ দিন ধৰি ৰাইজে চৰকাৰ প্ৰশাসনক উক্ত পথটো মেৰামতিৰ বাবে অনুৰোধ কৰি আহিছিল যদিও পথটো মেৰামতিৰ বাবে কোনো ব্যৱস্থা নকৰিলে ৷

ETV BHARAT
কৰিমগঞ্জত বিধস্ত অতিস্থ ৰাইজ

কৰিমগঞ্জ, 30 মে' : কৰিমগঞ্জৰ কানাইবজাৰ ঈশাছনৰা পথৰ এতিয়া জৰজীৰ্ণ অৱস্থা ৷ এজাক বৰষুণ দিলেই পুখুৰী সদৃশ খালৰ সৃষ্টি হয় পথটোত ৷ ফলত যাতায়াতৰ বাবে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে হৈছে পথচাৰীয়ে ৷

দীৰ্ঘদিন ধৰি বৰষুণ দি থকাৰ ফলত এতিয়া কৰিমগঞ্জৰ কানাইবজাৰ ঈশাছনৰা পথত সৃষ্টি হৈছে প্ৰকাণ্ড প্ৰকাণ্ড গাত ৷ দিনে দিনে বৃদ্ধি পাইছে পথ দুৰ্ঘটনা ৷ পুখুৰী সদৃশ গাতৰ ফলত পথটোৰে খোজ কাঢ়িবলৈয়ো নোৱাৰা হৈ পৰিছে ৷

এই পথটোৰে অতিক্ৰম কৰি নিজৰ ঘৰলৈ যাব লগা হয় শাসকীয় দলৰ সাংসদ কৃপানাথ মাল্লা । তাৰোপৰি এই পথটোৰ কাষতেই ঘৰ শাসকীয় দলৰ আন দুই বিধায়ক যথাক্ৰমে ৰাতাবাৰী সমষ্টিৰ বিধায়ক বিজয় মালাকাৰ আৰু পাথাৰকান্দি সমষ্টিৰ বিধায়ক কৃষ্ণেন্দু পালৰ ।

কৰিমগঞ্জত বিধস্ত অতিস্থ ৰাইজ

দুখৰ বিষয় যে শাসকীয় দলৰ তিনিজন জনপ্ৰতিনিধি থকাৰ পিছতো কিন্তু এই পথটো মেৰামতিৰ বাবে কোনো এজনৰে চকু নপৰাত ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ ৷ যাৰ ফলত এতিয়া প্ৰতিদিনেই দুৰ্ভোগ ভুগিব লগা হয় সাধাৰণ ৰাইজে । বহুবাৰ এই পথটোৰ মেৰামতিৰ দাবীত চৰকাৰলৈ স্মাৰকপত্ৰ প্ৰদান কৰা হৈছিল যদিও এতিয়ালৈ মৰামতিৰ বাবে কোনো ব্যৱস্থা নকৰাত ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে ৷ অতি শীঘ্ৰে এই পথটো মেৰামতি কৰি দিবলৈ চৰকাৰ তথা প্ৰশাসনক দাবী কৰিছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক-হোজাইত বান পৰিস্থিতি পৰিদৰ্শন বিধায়ক শিলাদিত্যৰ

ABOUT THE AUTHOR

...view details