বিধ্বস্ত পথে জ্বলাকলা খুৱাইছে ৰাতাবাৰীবাসীক
স্বাধীনতাৰ 73 টা বছৰ অতিক্ৰম কৰা পাচতো অঞ্চলবাসীয়ে কোনো সুব্যৱস্থা লাভ নকৰাৰ অভিযোগ ৷ যাৰ বাবে সাংসদ কৃপানাথ মাল্লাৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰে স্থানীয়
কৰিমগঞ্জ, 9 অক্টোবৰঃ পথৰ দুৰাৱস্থাই দুৰ্ভোগ ভোগাইছে কৰিমগঞ্জৰ 1 নং বিধানসভা সমষ্টিৰ ৰাতাবাৰীৰ ৰাইজক ৷ স্বাধীনতাৰ 73 টা বছৰ অতিক্ৰম কৰা পাচতো অঞ্চলবাসীয়ে কোনো সু-ব্যৱস্থা লাভ নকৰাৰ অভিযোগ ৷ যাৰ বাবে সাংসদ কৃপানাথ মাল্লাৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰে স্থানীয় ৷ ৰাইজক মিছা কথা কৈ ভোট ভিক্ষা কৰি ভোটৰ বৈতৰণী পাৰ কৰি এতিয়া ৰাইজলৈ পিঠি দিয়া বুলি অভিযোগ কৰে স্থানীয়ই ৷ অঞ্চলটোৰ বাটপথ, দলং, বিদ্যুৎকে ধৰি বিভিন্ন সা-সুবিধা সমূহৰ পৰা বিৰত হৈ থকা ৰাইজে স্বাধীন ভাৰতৰ পৰাধীন নাগৰিক বুলি মন্তব্য কৰে ৷