কৰিমগঞ্জ, 6 ফেব্ৰুৱাৰীঃ বিপদসংকুল অৱস্থাত কৰিমগঞ্জৰ নাৰ্চিং প্ৰশিক্ষণ কেন্দ্ৰ ৷ যাৰ বাবে যিকোনো সময়তে ডাঙৰ দূৰ্ঘটনাত সংঘটিত হোৱাৰ আশংকাত ভুগিছে প্ৰশিক্ষণৰত ছাত্ৰী আৰু প্ৰশিক্ষকসকল । বিভাগীয় কৰ্তৃপক্ষৰ সহযোগত ঠিকাদাৰে অতি নিম্ন মানৰ কামৰে কোটি কোটি টকা আত্মাসাৎ কৰে বুলি অভিযোগ উত্থাপন কৰে প্ৰশিক্ষণৰত ছাত্ৰীসকলৰ লগতে প্ৰশিক্ষকসকলে ৷
অট্টালিকাটোৰ নিৰ্মাণকাৰ্যৰ মাত্ৰ 7 বছৰতে জি.এন.এম. আৰু এ.এন.এম নাৰ্চিং প্ৰশিক্ষণ কেন্দ্ৰৰ চৰকাৰী অট্টালিকাটো জহি খহি যোৱা দুৰৱস্থাই ক্ষোভিত কৰিছে ছাত্ৰীসকলক লগতে প্ৰশিক্ষকসকলক৷