কৰিমগঞ্জ,১৫ জুন :কৰিমগঞ্জ জিলাৰ ৰাতাবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত,আনিপুৰ জামুয়াং গড়কাপ্তানি পথটো এটা গুৰুত্বপূৰ্ণ পথ । এই পথটোৱে ৰাতাবাৰী বিধানসভা সমষ্টিৰ ৮০% লোকৰ যাতায়াতৰ একমাত্ৰ সম্বল। এই পথটো নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰাৰ পাচতো আজিকোপতি পথটো মেৰামতি নকৰাৰ অভিযোগ ৰাইজৰ।
আধাৰশিলা স্থাপন কৰিয়েই দায়িত্ব সামৰিলে কৃপানাথ মাল্লাই! - kripanath malla
জৰাজীৰ্ণ আনিপুৰ জামুয়াং গড়কাপ্তানি পথটো নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰাৰ পাচতো আজিকোপতি পথটো মেৰামতি নকৰাৰ অভিযোগ ৰাইজৰ।
আধাৰশিলা স্থাপন কৰিয়ে দায়িত্ব সামৰিলে কৃপানাথ মাল্লাই!
দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ অৱস্থাত থকা আনিপুৰ জামুয়াং গড়কাপ্তানি পথটো ৰাইজৰ দাবীত প্ৰায় সাত মাহ পূৰ্বে সমষ্টিটোৰ তেতিয়াৰ বিধায়ক কৃপানাথ মাল্লাই পথটোৰ নামত চৰকাৰে ২.৯৬ লাখ টকাৰ আঁচনি লোৱা হৈছে বুলি এখন আধাৰশিলা স্থাপন কৰে। কিন্তু আধাৰশিলা স্থাপন হোৱাৰ সাতমাহ অতিক্ৰম হোৱাৰ পিচতো আজি পৰ্যন্ত এই পথচোৱাৰ অৱস্থা সলনি নোহোৱাৰ অভিযোগ স্থানীয় ৰাইজে। ৰাইজৰ অভিযোগ অনুসৰি শেহতীয়াকৈ হৈ যোৱা লোকসভা নিৰ্বাচনত কৃপানাথ মাল্লাই, ৰাইজৰ ভোট লাভ কৰিবৰ বাবে আধাৰশিলা স্থাপন কৰিছিল।
Last Updated : Jun 18, 2019, 10:57 AM IST