কৰিমগঞ্জত নিৰ্বাচনী হিংসা, বিজেপিক কৰ্মীক কংগ্ৰেছ কৰ্মীৰ আক্ৰমণ! - loksabha
দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ এদিন পূৰ্বে কৰিমগঞ্জত সংঘটিত হ'ল এক নিৰ্বাচনী হিংসা ৷ অভিযুক্তৰ ওপৰত কৰিমগঞ্জ থানাত গোচৰ ৰুজো ৷

কৰিমগঞ্জ,17এপ্ৰিলঃ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ আগদিনা কৰিমগঞ্জত নিৰ্বাচনী হিংসা । মঙলবাৰে কৰিমগঞ্জ চহৰৰ নিকটৱৰ্তী কানিশাইল গাঁৱত কংগ্ৰেছ কৰ্মীৰ আক্ৰমণত আহত হয় বিজেপিৰ দুজন কৰ্মী। অভিযোগ অনুসৰি নাজিম আহমেদ আৰু মুজিবুৰ ৰহমান নামৰ দুজন কংগ্ৰেছ কর্মীয়ে এদল গুণ্ডাবাহিনী লৈ বিজেপি কৰ্মী ক্ৰমে আবিদুৰ ৰহমান আৰু তহিদুৰ ৰহমানৰ ওপৰত আক্ৰমণ চলায়। জানিব পৰা মতে পূৰ্বৰ টকাৰ লেনদেনৰ বাবে দুয়ো দলৰ মাজত এই সংঘৰ্ষৰ সূত্ৰপাত হয় ৷ ইতিমধ্যে অভিযুক্ত দুজনৰ ওপৰত আক্ৰমণৰ অভিযোগ তুলি বিজেপিৰ কৰ্মী আবিদুৰ ৰহমান আৰু তহিদুৰ ৰহমানে এক গোচৰ তৰিছে ৷