অসম

assam

ETV Bharat / state

কৰিমগঞ্জত বৃহৎ ৰড চুৰি চক্ৰ উৎখাত - ত্ৰিপুৰা ৰাজ্যৰ আগৰতলালৈ

গুৱাহাটীৰ বৈশিষ্ট আৰক্ষী আৰু কৰিমগঞ্জ সদৰ আৰক্ষীৰ যৌথ অভিযান চলাই চোৰৰ লগতে ৰড উদ্ধাৰ কৰিবলৈ সক্ষম ৷ কৰিমগঞ্জৰ বাগৰসাংগন এলেকাৰ নেচেনল হার্ডৱেৰ নামৰ এখন দোকানৰ পৰা ৷

POLICE RECOVERED THE STOLEN ROD, KARIMGANJ
কৰিমগঞ্জত বৃহৎ ৰড চুৰি চক্ৰ উৎখাত

By

Published : Sep 3, 2020, 10:02 PM IST

কৰিমগঞ্জ,3 ছেপ্তেম্বৰঃ বৰাক উপত্যকাত সক্ৰিয় হৈ উঠিছে ৰড চুৰি চক্ৰ। দীৰ্ঘদিনৰ পৰা এই দুষ্ট চক্ৰ সক্ৰিয় হৈ বহু কেইখন গাড়ীৰ পৰা ৰড চুৰি কৰাৰ ঘটনা পোহৰলৈ আহিছে, যদিও আৰক্ষীয়ে এই চক্ৰটোক উৎখাত কৰিবলৈ সক্ষম হোৱা নাই ।

আনহাতে বৃহস্পতিবাৰে কলিকতাৰ পৰা ত্ৰিপুৰা ৰাজ্যৰ আগৰতলালৈ যোৱাৰ সময়ত পূৰ্বৰ দৰেই গাড়ী হাইজেক কৰি ৰড চুৰি কৰাৰ ঘটনা সংঘটিত কৰে দুষ্ট চক্ৰটোৱে । তাৰ পিচতেই গুৱাহাটীৰ বৈশিষ্ট আৰক্ষী আৰু কৰিমগঞ্জ সদৰ আৰক্ষীৰ যৌথ অভিযান চলাই চোৰৰ লগতে ৰড উদ্ধাৰ কৰিবলৈ সক্ষম হয় কৰিমগঞ্জৰ বাগৰসাংগন অঞ্চলৰ নেচেনল হার্ডৱেৰ দোকানৰ পৰা ।

কৰিমগঞ্জত বৃহৎ ৰড চুৰি চক্ৰ উৎখাত

ইপিনে দোকানৰ গৰাকী তাজ উদ্দিন অভিযানৰ সময়ত পলাই যাবলৈ সক্ষম হয়। সদৰ থানাৰ আৰক্ষীয়ে জনোৱা মতে যোৱা মাহত দুখন ৰড কঢ়িওৱা 12 চকীয়া ট্ৰাক কলিকতাৰ পৰা আগৰতলালৈ আহি আছিল আৰু যোৱা মাহৰ ১৯ তাৰিখে কৰিমগঞ্জত উপস্থিত হোৱাৰ পিছতে দুখন ট্ৰাকৰ জিপিএছ চিষ্টেম বিকল হৈ পৰে ৷ আনহাতে সমগ্ৰ ঘটনাৰ বিষয়ে ৰডৰ মালিকে ২২ আগষ্টতে বৈশিষ্ট আৰক্ষী চকীত গোচৰ ৰুজু কৰিছিল ৷ তাৰ পিছতে এখন গাড়ী উদ্ধাৰ হয় গুৱাহাটীত আৰু আন এখন মেঘালয়ত। দুখন গাড়ীত মুঠ ৫০ টন ৰড আছিল বুলি কৰিমগঞ্জ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়কঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পুনৰ তিনিটা নতুন সংযোজন

ABOUT THE AUTHOR

...view details