কৰিমগঞ্জ, 10 জানুৱাৰী : কৰিমগঞ্জ জিলাৰ পাথাৰকান্দিত চালকৰ সহযোগত ৰড চুৰিৰ ঘটনা সংঘটিত হৈছে ৷ জিলা খনত বিভিন্ন সময়ত এনেদৰে চালকৰ সহযোগত লোহাৰ ৰড চুৰিৰ অভিযোগ উত্থাপিত হৈ অহাৰ মাজতে এগৰাকী ৰডৰ দোকানীৰ এক গোচৰৰ ভিত্তিত কৰিমগঞ্জ আৰক্ষীয়ে শনিবাৰে সন্ধিয়াৰ ভাগত চালকসহ ট্ৰাক আৰু চুৰি ৰড জব্দ কৰে ৷
অভিযোগ অনুসৰি পাথাৰকান্দিৰ এগৰাকী ব্যৱসায়ী আব্দুল ৰকিবে গুৱাহাটীৰ পৰা প্ৰায় 20 লাখ টকা বজাৰ মূল্যৰ প্ৰায় 25 টন ৰড ক্ৰয় কৰে ৷ বিগত সাত তাৰিখে ৰড কঢ়িয়াই অনা ট্ৰাকখন পাথাৰকান্দিত আহি উপস্থিত হয় যদিও গাড়ী খনৰ চালক আজিজুৰ ৰহমান লস্কৰ আৰু সহ চালক গৰাকীয়ে ৰড ভৰ্তি গাড়ী খন লৈ সন্ধানহীন হৈ পৰে ৷
চালক সহ ৰড ভৰ্তি গাড়ীখন সন্ধানহীন হোৱাৰ পাছতে ৰডৰ দোকানী গৰাকীয়ে পাথৰকান্দি আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে ৷ ৰডৰ দোকানৰ মালিকৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি হাইলাকান্দিৰ পৰা চালকসহ ট্ৰাক খন জব্দ কৰে ৷
উল্লেখ্য যে, ট্ৰাকসহ চালকক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় যদিও সম্পূৰ্ণ ৰড খিনি উদ্ধাৰ কৰাত বিফল হয় ৷ জানিব পৰা মতে চুৰি হোৱা 25 টন ৰডৰ ভিতৰত আৰক্ষীয়ে হাইলাকান্দিৰ বিভিন্ন ঠাইৰ পৰা প্ৰায় 20 টন ৰড উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷