অসম

assam

ETV Bharat / state

গুটখা ব্যৱসায়ীৰ বিৰুদ্ধে অধিক কঠোৰ কৰিমগঞ্জ আৰক্ষী

গুটখা ব্যৱসায়ীৰ বিৰুদ্ধে অধিক কঠোৰ স্থিতি গ্ৰহণ কৰিমগঞ্জ আৰক্ষীৰ ৷ লোকনাথ এণ্টাৰপ্ৰাইজ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ দুজনকৈ স্বত্বাধিকাৰী ভাতৃ আৰক্ষীয়ে চলোৱা অভিযানৰ পিছৰে পৰা পলাতক অৱস্থাত আছে । ঘটনা সন্দৰ্ভত ৰহস্যজনক ভূমিকা গ্ৰহণ জিলা উপায়ুক্তৰ ৷

Police raid against black market of cigaratte follow up story karimganj etv bharat news
কঠোৰ কৰিমগঞ্জ আৰক্ষী

By

Published : May 5, 2020, 12:59 PM IST

কৰিমগঞ্জ,5 মে’ঃসোমবাৰেগোপন সূত্ৰৰ তথ্যৰ ভিত্তিত কৰিমগঞ্জ আৰক্ষীয়ে চলোৱা এক অভিযানত জব্দ হৈছিল গুটখাৰ লগতে চিগাৰেটৰ অবৈধ বেহাত জড়িত এখন ট্ৰাক ৷ ইয়াৰ পিছতে গুটখা ব্যৱসায়ীৰ বিৰুদ্ধে অধিক কঠোৰ হৈছিল আৰক্ষী ৷ স্থানীয় আৰক্ষী আৰু দণ্ডাধীশৰ নেতৃত্বত চলোৱা এই অভিযানে বৰ্তমান অন্য এক মোৰ লৈছে ৷ আৰক্ষীৰ অভিযানৰ পিছৰ পৰা লোকনাথ এণ্টাৰপ্ৰাইজ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ দুজনকৈ স্বত্বাধিকাৰী ভাতৃ সম্প্ৰতি পলাতক অৱস্থাত আছে ।

কঠোৰ কৰিমগঞ্জ আৰক্ষী

আনহাতে,ঘটনাত জড়িত ট্ৰাকখন আৰক্ষীয়ে জব্দ কৰাৰ লগতে ব্যৱসায়ী দুজনৰ বহুকেইটা ব্যৱসায়িক প্ৰতিষ্ঠান দণ্ডাধীশৰ উপস্থিতিত ছীল কৰে ৷ জব্দকৃত ট্ৰাকখনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে 20 লক্ষাধিক মূল্যৰ বৃহৎ পৰিমাণৰ বিড়ি আৰু চিগাৰেটৰ কাৰ্টুন ৷ কিন্তু ক’লা বজাৰত সামগ্ৰীখিনিৰ মূল্য প্ৰায় 35-40 লাখ টকা হ’ব বুলি অনুমান কৰা গৈছে । উক্ত ঘটনাৰ পিছত আৰক্ষীয়ে নিজাববীয়াকৈ এক গোচৰ তৰি ব্যৱসায়ী দুজনৰ সন্ধান প্ৰসংগত তদন্ত অব্যাহত ৰাখিছে ৷ কৰিমগঞ্জ আৰক্ষী চকীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জ্যোতিৰঞ্জন নাথে অধিক তথ্য লাভৰ বাবে অভিযান অব্যাহত থকাৰ কথা সদৰী কৰে ৷ ইপিনে জিলা উপায়ুক্ত আন্বামুথানে কাৰ্যালয়ৰ সংসদীয় সভাগৃহত সম্বোধন কৰা এক সংবাদমেলত ৰহস্যজনক স্থিতি গ্ৰহণ কৰি ঘটনাটোৰ অভিযুক্ত সন্দৰ্ভত মন্তব্য প্ৰকাশৰ পৰা বিৰত থাকে ৷

লগতে চাওকঃকৰিমগঞ্জত আৰক্ষীৰ অভিযানত জব্দ গুটখা ভৰ্তি ট্ৰাক

ABOUT THE AUTHOR

...view details