অসম

assam

By

Published : May 13, 2020, 8:34 PM IST

ETV Bharat / state

কৰিমগঞ্জ আৰক্ষীৰ সন্মুখতে ক'লা ব্যৱসায়ী

নিচা জাতীয় সামগ্ৰী সৰবৰাহকাৰীক আটক নকৰাৰ বাবে কৰিমগঞ্জত দল সংগঠনৰ মাজত প্ৰতিক্ৰিয়া ৷ এখন চাৰিচকীয়া বাহনৰ পৰা আৰক্ষীয়ে জব্দ কৰিছিল কেইবা লাখ টকাৰ সামগ্ৰী ৷ স্বত্বাধিকাৰীক দহ দিন উকলি যোৱাৰ পিছতো আটক নকৰাৰ বাবে বৰ্তমান অঞ্চলটোৰ সচেতন মহল চিন্তিত হৈ পৰিছে ৷

POLICE RADE TO CIGARETTE BLACK MARKETER, KARIMGANJ
কৰিমগঞ্জ আৰক্ষীৰ সন্মুখতে কলা ব্যৱসায়ীঃ নিমাত আৰক্ষী

কৰিমগঞ্জ, 13 মে' : 3 মে' তাৰিখে কৰিমগঞ্জ আৰক্ষীৰ অভিযানত জব্দ কৰা হৈছিল বৃহৎ পৰিমাণৰ নিচা জাতীয় সামগ্ৰী ৷ এখন চাৰিচকীয়া বাহনৰ পৰা আৰক্ষীয়ে জব্দ কৰিছিল কেইবা লাখ টকাৰ সামগ্ৰী ৷

অভিযোগ অনুসৰি, এই সামগ্ৰী সমূহ সৰবৰাহ কৰা লোকনাথ এন্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰীক দহ দিন উকলি যোৱাৰ পিচতো আটক নকৰাৰ বাবে বৰ্তমান অঞ্চলটোৰ সচেতন মহল চিন্তিত হৈ পৰিছে ৷

উল্লেখযোগ্য যে, নিচা জাতীয় সামগ্ৰী সমূহ জব্দ কৰাৰ পিচতে আৰক্ষীয়ে ব্যৱসায়ীজনৰ বাসগৃহ আৰু ব্যৱসায় প্ৰতিষ্ঠানৰ পৰা কেইবাটাও কাৰ্টনত নিচা জাতীয় সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছিল ৷ এই সমগ্ৰ ঘটনাৰ পিচতে আৰক্ষীয়ে নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰা হৈছিল বুলি আৰক্ষী অধীক্ষক জ্যোতি ৰঞ্জন নাথে সাংবাদিকৰ আগত অৱগত কৰিছিল ৷

কৰিমগঞ্জ আৰক্ষীৰ সন্মুখতে কলা ব্যৱসায়ীঃ নিমাত আৰক্ষী

কিন্তু আশ্চৰ্যকৰ বিষয় যে, যোৱা দহ দিনৰ পিচতো প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী সঞ্জয় সাহাক আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে ৷ আনকি ট্ৰাকৰ পৰা জব্দ হোৱা বিড়ি আৰু চিগাৰেটৰ কাৰ্টন কিমান আছিলে সেয়াও সঠিক ৰূপত প্ৰকাশ কৰিব পৰা নাই আৰক্ষীয়ে ৷ অভিযোগ অনুসৰি, এই তদন্তৰ গতি লাহে লাহে লেহেমীয়া হৈ যোৱা বুলি অভিযোগ প্ৰদান কৰে ৷

লক্ ডাউনৰ বাবে নিচা জাতীয় সামগ্ৰীৰ বেচা-কিনা বন্ধ হৈ থকাৰ পিচত কেনেকৈ ইমান বৃহৎ পৰিমাণৰ সামগ্ৰী জব্দ কৰাৰ পিচত ব্যৱসায়ী জনৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে এতিয়া সচেতন মহলৰ মাজত প্ৰশ্নৰ সৃষ্টি হৈছে ৷

কৰিমগঞ্জ আৰক্ষীৰ সন্মুখতে কলা ব্যৱসায়ীঃ নিমাত আৰক্ষী

ইপিনে এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে , শাসকীয় দলৰ বিধায়ক আৰু দুই এজন নেতাই ক'লা ব্যৱসায়ীৰ জনক বচোৱাৰ বাবে তৎপৰ হৈ পৰা বুলি অভিযোগ প্ৰদান কৰে ৷ আনহাতে, এই ক'লা ব্যৱসায়ীজনক আটক কৰাৰ বাবে বজৰং দল আৰু বিশ্ব হিন্দু পৰিষদৰ কৰিমগঞ্জ জিলা সমিতিয়ে জিলা উপায়ুক্তক স্মাৰক পত্ৰ দিয়াৰ পিচতো আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে দল সংগঠনৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক : 20 লাখ কোটি টকীয়া পেকেজ : কি কয় নিৰ্মলা সীতাৰমণে !

ABOUT THE AUTHOR

...view details