অসম

assam

ETV Bharat / state

Encounter in Patharkandi : আৰক্ষীৰ গুলীত আহত কুখ্যাত মইনা মিঞা - Encounter in Patharkandi

কৰিমগঞ্জৰ পাথাৰকান্দিত আৰক্ষীৰ গুলীচালনা (Police encounter in Karimganj)৷ আটকাধীন দুৰ্বৃত্তক লগত লৈ অবৈধ পিস্তল উদ্ধাৰৰ বাবে গৈছিল আৰক্ষী ৷ তেনে সময়তে আৰক্ষীক আক্ৰমণৰ চেষ্টা দুৰ্বৃত্তৰ ৷ নিৰাপত্তাৰ স্বাৰ্থত গুলীচালনা কৰিবলৈ বাধ্য হয় আৰক্ষী ৷

Encounter in Patharkandi
Encounter in Patharkandi

By

Published : Jan 30, 2022, 8:13 AM IST

কৰিমগঞ্জ, 30 জানুৱাৰী : পাথাৰকান্দিত আৰক্ষীৰ এনকাউণ্টাৰত গুৰুতৰভাৱে আহত কুখ্যাত অপৰাধী তথা ডকাইত চৰিফুল হুছেইন ওৰফে মইনা মিঞা (Police encounter in Karimganj)। যোৱা ২২ জানুৱাৰীৰ সন্ধিয়া পাথাৰকান্দি আৰক্ষী থানাৰ অধীনস্থ ভাৰত-বাংলাদেশ সীমান্তৰ লক্ষীপুৰ বজাৰত সংঘটিত গুলীচালনাৰ ঘটনাৰ মূল অভিযুক্ত আছিল মইনা মিঞা ৷ হবিবুল বাহাৰ খণ্ডকাৰ নামৰ লোকজনক চৰিফুল হুছেইন ওৰফে মইনা মিঞাৰ নেতৃত্বত গুলীচালনা কৰিছিল চাৰিজনীয়া দুৰ্বত্তৰ দলে (Gun firing in Indo Bangladesh border)৷

আৰক্ষীয়ে জব্দ কৰা পিস্তল

এই ঘটনাৰ পিছত আৰক্ষীয়ে অপৰাধীৰ কৰায়ত্ত নকৰাক লৈ বাতৰি সম্প্ৰচাৰ হয় ৷ কিন্তু বাতৰি সম্প্ৰচাৰৰ পাছতেই আৰক্ষী এক প্ৰকাৰ সক্ৰিয় হৈ উঠে । হবিবুল বাহাৰ খণ্ডকাৰক গুলীওৱাৰ সৈতে জড়িত মনচোন আহমেদ ওৰফে মজনু আৰু গীয়াছ উদ্দীন নামৰ দুজনক প্ৰথমে আটক কৰে আৰক্ষীয়ে ৷ তেওঁলোকক সোধা পোচা কৰি মূল অভিযুক্ত চৰিফুল হুছেইন ওৰফে মইনা মিঞা আৰু আন এজন সহযোগী ৰহিম উদ্দীনক শুকুৰবাৰে আটক কৰে কৰিমগঞ্জ আৰক্ষীয়ে ।

যি বন্দুকেৰে হবিবুল বাহাৰ খণ্ডকাৰ ওৰফে মিনুক গুলিয়াইছিল সেই বন্দুকটো উদ্ধাৰৰ বাবে মইনা মিঞাক লগত লৈ খিলৰবন্দ এলেকাত থকা তেওঁৰ ঘৰত আৰক্ষীয়ে অভিযান চলায় ।

কিন্তু যেতিয়া আৰক্ষীয়ে তেওঁৰ ঘৰত বন্দুক উদ্ধাৰৰ বাবে গৈছিল, তেতিয়া ওলোটাই আৰক্ষীক আক্ৰমণৰ চেষ্টা চলায় মইনা মিঞাই (Miscreant attack on police)৷ আনকি তেওঁৰ পৰিয়ালৰ লোকে চিঞৰ বাখৰ কৰি আৰক্ষীক ডকাইত বুলি পৰিচয় দি ৰাইজক উত্তেজিত কৰাৰ চেষ্টা চলায় । ফলত আৰক্ষীয়ে আত্মৰক্ষাৰ বাবে মইনা মিঞাৰ ভৰিত গুলী নিক্ষেপ কৰে (Karimganj Police encounter) ।

আৰক্ষীৰ গুলীত আহত কুখ্যাত মইনা মিঞা

ততাতৈয়াকৈ মইনাক পাথাৰকান্দি হাস্পতাললৈ লৈ আনে যদিও তেওঁৰ অৱস্থা সংকটজনক হোৱাৰ বাবে কৰিমগঞ্জ অসামৰিক হাস্পতাললৈ প্ৰেৰণ কৰা হয় ।শনিবাৰে হবিবুল বাহাৰ খণ্ডকাৰক গুলী কৰাৰ ঘটনাত জড়িত বাকী তিনিজনক আদালতত হাজিৰ কৰাৰ পাচত আদালতৰ নিৰ্দেশ মৰ্মে তিনিওকে জেললৈ প্ৰেৰণ কৰা হয় । বৰ্তমান চৰিফুল হুছেইন ওৰফে মইনা মিঞা চিকিৎসাধীন হৈ আছে ।

আৰক্ষীয়ে এটা হস্ত নিৰ্মিত বন্দুক উদ্ধাৰ কৰে মইনা মিঞাৰ পৰা । ইপিনে মইনা মিঞাৰ ভগ্নী আৰু পত্নীয়ে অভিযোগ কৰে যে, মইনা মিঞা নিৰ্দোষী আছিল আৰু আৰক্ষীয়ে মিছাতে তেওঁক আটক কৰি গুলীয়াই আহত কৰিছে । এতিয়া কোন সঁচা কোন মিছা, ঘটনাৰ প্ৰকৃত সত্য তদন্তৰ পাচত হে পোহৰলৈ আহিব ৷

লগতে পঢ়ক :Lat mandal arrested: হাতে-লোটে ধৰা পৰিল দৰমহাৰ টকাৰে পেট নভৰা ডবকাৰ এজন লাট মণ্ডল

ABOUT THE AUTHOR

...view details