কৰিমগঞ্জ,14আগষ্ট : দুটাকৈ গোচৰৰ অভিযুক্তক ২২ দিনে ধৰিব নোৱাৰিলে কৰিমগঞ্জ আৰক্ষীয়ে । ন্যায় বিচাৰিও বিমুখ হৈছে ভুক্তভোগী মহিলাৰ পিতৃ ৷
ঘটনা অনুসৰি, কৰিমগঞ্জৰ গিৰিশগঞ্জ নিৰিক্ষণ চকীৰ অধীনৰ ভাৰত-বাংলাদেশ সীমান্তৰ ভিতৰগুল এলেকাৰ এগৰাকী মহিলাক মোজ্জাকিৰ হুছেইন নামৰ এজন লোকে নিজ বাসগৃহৰ পৰা উঠাই নি শ্লীলতা হানি কৰাৰ লগতে ১৭,৫০০০ টকা লৈ যায় বুলি অভিযোগ দাখিল কৰিছিল জুলাই মাহৰ ১৯ তাৰিখে ৷ ধৃত লোকজন পানীঘাট পঞ্চায়তৰ কংগ্ৰেছী সভানেত্ৰীৰ প্ৰতিনিধি তথা স্বামী বুলি জানিব পৰা গৈছে ৷ এই ঘটনা সংঘটিত হোৱাৰ পাছতেই ভুক্তভোগী মহিলাগৰাকীৰ স্বামী জাকিৰ হুছেইনে ঘটনা সন্দৰ্ভত মোজ্জাকিৰ হুছেইনৰ বিৰুদ্ধে জিলাখনৰ সদৰ থানাত ৰুজু কৰে এক গোচৰ ৷ কিন্তু আৰক্ষীয়ে ঘটনা তদন্তৰ বাবে কোনো গুৰুত্ব গ্ৰহণ নকৰাৰ অভিযোগ ভুক্তভোগী মহিলাগৰাকীৰ ৷ ঘটনা সংঘটিত হৈ যোৱাৰ 21 দিন পাৰ হৈ যোৱাৰ পাছতো গিৰিশগঞ্জ নিৰিক্ষণ চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হাইদৰ হুছেইনে অভিযুক্ত মোজ্জাকিৰ হুছেইনক আটক কৰিবলৈ সক্ষম হোৱা নাই ৷
মহিলাগৰাকীৰ পিতৃৰ অভিযোগ অনুসৰি, ভাৰপ্ৰাপ্ত বিষয়া হায়দৰ হুছেইনে অভিযুক্ত মোজাক্কিৰৰ পৰা মোটা অংকৰ ধনৰ লেনদেন কৰিছে । যাৰ বাবে আৰক্ষীয়ে মোজ্জাকিৰক আটক কৰা নাই ৷ বৰ্তমান মুকলি আকাশৰ তলতে ঘূৰি আছে অভিযুক্ত মোজ্জাকিৰ ৷