কৰিমগঞ্জ, 1 জানুৱাৰী :নিশা ৰাষ্ট্ৰীয় ঘাইপথত মহিলাই সহায় বিচাৰিলে আপুনি সাবধান হ'ব ৷ কিয়নো সহায় বিচৰা মহিলাজন আচল মহিলা নহ'বও পাৰে । মহিলাৰ ৰূপ ধাৰণ কৰি আপোনাৰ পৰা লুটি নিব পাৰে মূল্যবান সা-সামগ্ৰী । কিয়নো কৰিমগঞ্জত সংঘটিত হৈছে এনেকুৱা এক অনুৰূপ ঘটনা ৷
জানিব পৰা মতে, পুৰুষে মহিলা-যুৱতীৰ ৰূপ ধাৰণ কৰি জিলাখনত দীৰ্ঘদিনৰ পৰাই ডকাইতি কাণ্ড সংঘটিত কৰি আহিছিল ৷ আন দিনাৰ দৰে বৃহস্পতিবাৰে নিশাও জয়নুল হক আৰু আবিদুৰ ৰহমান নামৰ লোকদুজনে মহিলাৰ ৰূপ ধাৰণ কৰি চলন্ত গাড়ীত চিগনেল মাৰি ডকাইতিকাণ্ড সংঘটিত কৰাৰ চেষ্টা চলাইছিল অসম-ত্ৰিপুৰা সংযোগী 8 নং ৰাষ্ট্ৰীয় ঘাইপথত ৷ কিন্তু আৰক্ষীৰ গাড়ীত চিগনেল মাৰি বিপদত পৰিল লোকদুজন ৷