কৰিমগঞ্জ, 14 মে’ : প্ৰতিদিনে বৃদ্ধি পোৱা কৰ’ণা মহমাৰী প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰে নতুন এছঅ’পি জাৰি কৰিছে ৷ সেয়েহে জনগণৰ জীৱন ৰক্ষাৰ স্বাৰ্থত এইবাৰ অতি কঠোৰ হাতেৰে ক'ভিডৰ জটিল পৰিস্থিতি মোকাবিলা কৰিবলৈ প্ৰস্তুত হৈছে অসম আৰক্ষী ৷ বুধবাৰে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ নিৰ্দেশৰ পাচতে কঠোৰ হৈছে কৰিমগঞ্জ আৰক্ষী ।
কৰিমগঞ্জত ক'ভিড প্ৰট'কল ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ আৰক্ষী - কৰিমগঞ্জ আৰক্ষী
কৰিমগঞ্জত নতুন এছঅ’পি ভংগকাৰীৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনৰ অভিযান ৷ বুধবাৰে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ নিৰ্দেশৰ পাচতে কঠোৰ হৈছে কৰিমগঞ্জ আৰক্ষী ।
কৰিমগঞ্জত ক'ভিড প্ৰটকল ভংগকাৰীৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনৰ অভিযান
বৃহস্পতিবাৰ পৰা বলৱৎ হোৱাকৈ ৰাজ্য চৰকাৰে নতুনকৈ জাৰি কৰা বাধা-নিষেধ সমূহ ভংগ কৰা সকলৰ বিৰুদ্ধে কৰিমগঞ্জ আৰক্ষীয়ে অতি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে । আনহাতে, কৰিমগঞ্জত নতুন এছঅ’পি অৱমাননা কৰা লোক সকলৰ পৰা আৰক্ষীয়ে জৰিমনা পৰ্যন্ত আদায় কৰিছে ।
লগতে পঢ়ক :ক’ভিডৰ নতুন এছঅ’পিক লৈ কঠোৰ নগাঁও আৰক্ষী