কৰিমগঞ্জ, 5 জুন:কৰিমগঞ্জৰবদৰপুৰ খণ্ড উন্নয়নৰ অধীনত এংলাৰ বাজাৰ গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনাকলৈ ব্যাপক খেলিমেলিৰ অভিযোগ উত্থাপন হৈছে ৷ গাঁও পঞ্চায়তখনৰ ৫ নং ৱাৰ্ডৰ আমীৰ আলী নামৰ এজন ব্যক্তিয়ে উত্থাপন কৰিছে এই অভিযোগ ৷
দীৰ্ঘ সময় ধৰি লোকজনে পঞ্চায়তৰ সভানেত্রীৰ ওচৰত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ঘৰৰ বাবে আবেদন কৰি আহিছে যদিও সভানেত্ৰীগৰাকীয়ে কেৱল আশ্বাস দি অহাৰ অভিযোগ পোহৰলৈ আহিছে ৷ এতিয়া ভুক্তভোগী লোকজনে জনপ্ৰতিনিধিগৰাকীৰ পৰা কোনো সঁহাৰি নাপাই চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত ঘৰ প্ৰদান কৰিবলৈ দাবী জনাইছে ৷