কৰিমগঞ্জ,5 জুন:গছপুলি ৰোপণেৰেবিশ্ব পৰিৱেশ দিৱস পালন কৰে কৰিমগঞ্জৰ ভাৰতীয় সীমা সুৰক্ষা বাহিনীৰ 7 নং বেটেলিয়নে ৷ কৰিমগঞ্জৰ প্ৰেছ ক্লাৱ, লায়ন্স ক্লাৱ আৰু ৰ’টাৰি ক্লাৱৰ সদস্যসকলৰ সৈতে জিলাখনৰ বিভিন্ন ঠাইত সীমা সুৰক্ষা বাহিনীয়ে গছপুলি ৰোপণৰ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থ ৷
ভাৰতীয় সীমা সুৰক্ষা বাহিনীৰ উদ্যোগত পালন বিশ্ব পৰিৱেশ দিৱস - উত্তৰ কৰিমগঞ্জ
বিশ্ব পৰিৱেশ দিৱস পালন কৰে কৰিমগঞ্জৰ ভাৰতীয় সীমা সুৰক্ষা বাহিনীৰ 7 নং বেটেলিয়নে ৷ জিলাখনত প্ৰায় 1200 গছপুলি ৰোপণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সুৰক্ষা বাহিনীটোৰ অতিৰিক্ত কমাণ্ডেণ্ট মনীষে ৷
বিশ্ব পৰিৱেশ দিৱস পালন
উল্লেখ্য যে, জিলাখনত প্ৰায় 1200 গছপুলি ৰোপণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সুৰক্ষা বাহিনীটোৰ অতিৰিক্ত কমাণ্ডেণ্ট মনীষে ৷ মনীষে বিগত বৰ্ষত 6,000 গছপুলি ৰোপণৰ কথা সদৰী কৰি এইবছৰো সম পৰিমাণৰ গছপুলি ৰোপণৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি প্ৰকাশ কৰে ৷
লগতে চাওকঃকৰ'ণা নিৰ্মূলৰ বাবে নগাঁৱত পূজা-অৰ্চনা