অসম

assam

ETV Bharat / state

মাইক্ৰ'ফাইনেন্সৰ ঋণগ্ৰস্তই পৰিশোধ কৰিব পাৰিব নে লোনৰ টকা ! - হাঁহ কুকুৰা পালন

লক্ ডাউনৰ বাবে স্তব্ধ উপাৰ্জন ৷ দিব পৰা নাই লোনৰ টকা ৷ মাইক্ৰ' ফাইনেন্স কোম্পানীৰ ঋণগ্ৰস্তই ঋণ মাফ কৰিবলৈ জনালে আৱেদন ৷

micro finance loan
micro finance loan

By

Published : Jun 3, 2020, 4:09 AM IST

কৰিমগঞ্জ, 2 জুন :লক্ ডাউনৰ সময়চোৱাত মাইক্ৰ' ফাইনেন্স কোম্পানীৰ প্ৰৱল চাপত দিশহাৰা হৈছে একাংশ লোক । কোনোবাই ব্যৱসায়িক প্ৰতিষ্ঠান উন্নত কৰাৰ বাবে, কোনো মহিলাই আকৌ হাঁহ-কুকুৰা পালনৰ বাবে মাইক্ৰ' ফাইনেন্স কোম্পানী বন্ধনৰ পৰা ঋণ লৈছিল । কিন্তু লক্ ডাউনৰ বাবে এই সকল সাধাৰণ লোকৰ মাজত অৰ্থৰ অভাৱ দেখা দিছে ৷

ঋণগ্ৰস্তই ঋণ মাফ কৰিবলৈ জনালে আৱেদন

ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই সকলো ঋণ ছমাহৰ বাবে ৰেহাই ঘোষণা কৰিছে যদিও এই সকল বহিঃৰাজ্যৰ মাইক্ৰ' ফাইনেন্স কোম্পানীয়ে ঋণ লোৱা লোকসকলক ক্ৰমাৎ হেঁচা প্ৰয়োগ কৰিছে ঋণ দিয়াৰ বাবে যাৰ ফলত বিপাঙত পৰিছে আন ঠাইৰ লগতে কৰিমগঞ্জৰ পাথাৰকান্দি সমষ্টিৰ প্ৰপাৰ মাগুৰা আৰু লংগাই ৰিজাৰ্ভ এলেকাৰ লোক সকল ৷ ইয়াৰ পৰা ৰক্ষা পোৱাৰ বাবে এইসকল ঋণগ্ৰস্তই সমষ্টিটোৰ বিধায়ক আৰু মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে ।

মাইক্ৰ'ফাইনেন্সৰ ঋণগ্ৰস্তই পৰিশোধ কৰিব পাৰিব নে লোনৰ টকা !

আনহাতে, বদৰপুৰ ঘোৰামাৰা অঞ্চলৰ ৰাইজেও মাইক্ৰ' ফাইনেন্স কোম্পানীৰ লোন মাফ কৰিবলৈ অসম চৰকাৰক আবেদন জনায় । তেওঁলোকৰ অভিযোগ যে দীৰ্ঘ সময় ধৰি লক্ ডাউন হৈ থকাৰ ফলত উপাৰ্জনহীন হৈ পৰিছে তেওঁলোক ৷ যাৰ বাবে মাইক্ৰ' ফাইনেন্স কোম্পানীসমূহে লোনৰ কিস্তি দিবলৈ হেঁচা প্ৰয়োগ কৰিছে যদিও তেওঁলোকে কিস্তি আদায় দিব পৰা নাই কোম্পানীসমূহক ৷

লগতে পঢ়ক :স্তব্ধ ছবি জগত! গভীৰ সংকটত শিল্পী,কলা-কুশলী

ABOUT THE AUTHOR

...view details