অসম

assam

ETV Bharat / state

পতাকা উত্তোলনৰ প্রাক মূহুৰ্তত চক্ৰ বিষয়াৰ কাৰ্যালয় ঘেৰাও - independence day karimgan

কৰিমগঞ্জত অপ্ৰীতিকৰ পৰিস্থিতি ৷ পতাকা উত্তোলনৰ প্রাক মূহুৰ্তত চক্ৰ বিষয়াৰ কাৰ্যালয় ঘেৰাও ৷ পথৰ দুৰৱস্থা দেখি ক্ষোভিত ৰাইজ ৷

পতাকা উত্তোলনৰ প্রাক মূহুৰ্তত চক্ৰ বিষয়াৰ কাৰ্যালয় ঘেৰাও

By

Published : Aug 15, 2019, 8:12 PM IST

কৰিমগঞ্জ, 15 আগষ্টঃ সমগ্ৰ দেশত উলহ-মালহেৰে স্বাধীনতা দিৱস উদযাপনৰ সময়তে এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় কৰিমগঞ্জৰ নিলামবজাৰত ৷ স্বাধীনতা দিৱসৰ অনুষ্ঠানত ভাগ ল'বলৈ আহি চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সমুখৰ পথৰ অৱস্থা দেখি ক্ষোভিত হৈ পৰে ৰাইজ ৷ আশ্বৰ্যকৰ কথা যে, অনুষ্ঠান অনুষ্ঠিত হ'ব লগা ঠাইৰ পৰা প্ৰায় 50 মিটাৰ দূৰত্বতে জাবৰৰ দ'ম ৷ ক্ষোভিত ৰাইজে ঘেৰাও কৰে চক্ৰ বিষয়াৰ কাৰ্যালয় ৷ পাছত চক্ৰ বিষয়াজনে জনাই যে এই সমূহ কামৰ বাবে চৰকাৰৰ ফালৰ পৰা টকাৰ আৱণ্টন হোৱা নাই ৷

পতাকা উত্তোলনৰ প্রাক মূহুৰ্তত চক্ৰ বিষয়াৰ কাৰ্যালয় ঘেৰাও

ABOUT THE AUTHOR

...view details