অসম

assam

ETV Bharat / state

খহনীয়াই টোপনি হৰিছে কৰিমগঞ্জৰ হাতিখিৰাবাসীৰ - লংগাই নদীৰ খহনীয়া

25 বছৰে খহনীয়াৰ সৈতে যুঁজি হতাশাত ভূগিছে কৰিমগঞ্জৰ হাতিখিৰাবাসী ৷ বহু পৰিয়ালৰ ঘৰ-বাৰীৰ লগতে এটা গড়কাপ্তানী পথ লংগাই নদীত জাহ যোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ নৱগঠিত চৰকাৰক ব্যৱস্থা গ্ৰহণৰ কাতৰ আহ্বান খহনীয়াগ্ৰস্ত ৰাইজৰ ৷

langai river erosion
খহনীয়াই টোপনি হৰিছে কৰিমগঞ্জৰ হাতিখিৰাবাসীৰ

By

Published : May 19, 2021, 10:16 AM IST

কৰিমগঞ্জ,19 মে':বাৰিষাৰ দিন আহিলেই চিন্তাত টোপনি নাহে কৰিমগঞ্জৰ পাথাৰকান্দি সমষ্টিৰ হাতিখিৰা অঞ্চলৰ ৰাইজৰ ৷ বিগত 25 টা বছৰে লংগাই নদীৰ খহনীয়াই টোপনি হৰিছে হাতিখিৰাবাসীৰ ৷ অঞ্চলটোৰ ৰাইজে জানিবলৈ দিয়া মতে, খহনীয়াৰ ফলত ইতিমধ্যে বহু লোকৰ ঘৰ-বাৰীৰ লগতে এটা গড়কাপ্তানী পথো নদীৰ বুকুত জাহ গৈছে ৷ খহনীয়াই অঞ্চলটোৰ ৰাইজৰ জীৱন আৰু সম্পত্তিলৈ ভাবুকি কঢ়িয়াই অনা স্বত্বেও চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই কোনো কাণসাৰ নিদিয়া বুলিও স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে ৷

25 বছৰে খহনীয়াৰ সৈতে যুঁজি হতাশাত কৰিমগঞ্জৰ হাতিখিৰাবাসী

সকলো সমস্যাৰ বিষয়ে অৱগত কৰি চৰকাৰলৈ বহুবাৰ স্মাৰক পত্ৰ প্ৰেৰণ কৰিও সুফল নোপোৱাৰ অভিযোগ উত্থাপন কৰি অঞ্চলটোৰ ৰাইজে নৱগঠিত চৰকাৰক সমস্যা সমাধানৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে ৷ ইতিমধ্যে প্ৰায় বহুকেইটা ঘৰ নদীৰ বুকুত জাহ যোৱাৰ বিষয়ে অৱগত স্থানীয় এজন লোকে কয় যে,শীঘ্ৰে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে পুনৰ একাংশ পৰিয়াল নদীৰ বুকুত জাহ যোৱাটো নিশ্চিত ৷

উল্লেখ্য যে, বিগত বৰ্ষত বৰষুণ হৈছিল যদিও খহনীয়াৰ কবলৰ পৰা কথমপি ৰক্ষা পৰিছিল বহু পৰিয়াল ৷ সেয়ে বিভিন্ন স্থানত লংগাই নদীৰ মথাউৰিৰ অৱস্থাই নৈপৰীয়া ৰাইজৰ মাজত আতংক সৃষ্টি কৰিছে বুলি প্ৰকাশ কৰি চৰকাৰক শীঘ্ৰে এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ বাবে স্থানীয় ৰাইজে দাবী উত্থাপন কৰিছে ৷

লগতে পঢ়ক:কৰিমগঞ্জত প্ৰায় 50 লাখ টকাৰ ব্ৰাউন চুগাৰ জব্দ

ABOUT THE AUTHOR

...view details