অসম

assam

By

Published : Nov 7, 2022, 1:45 PM IST

ETV Bharat / state

Badarpur Poor Condition Road : বিধ্বস্ত পথত বেদখলকাৰীৰ চকু, বিপদত অঞ্চলবাসী

ডাবল ইঞ্জিন চৰকাৰে উন্নয়ণ সাধিব পৰা নাই গ্ৰামাঞ্চলৰ বাট-পথৰ ক্ষেত্ৰত ৷ উদাহৰণস্বৰূপে কৰিমগঞ্জৰ বদৰপুৰ সমষ্টি ৷ সমষ্টিটোৰ এটা পথৰ দুৰৱস্থাই বাৰুকৈয়ে বিপদত পেলাইছে অঞ্চলবাসীক (Badarpur Poor Condition Road)৷

Badarpur Poor Condition Road
বিধ্বস্ত পথত বেদখলকাৰীৰ চকু, বিপদত অঞ্চলবাসী

কৰিমগঞ্জ, 7 নৱেম্বৰ : ‘ডাবল ইঞ্জিন চৰকাৰ’ৰ(Double engine government) দিনত অসমে উন্নতিৰ জখলতাত আগুৱাই যোৱা বুলি শাসনাধিস্থ বিজেপি দলে আত্মপ্ৰসংশা কৰিলেও কাৰ্যত বহু অঞ্চলে উন্নয়ণৰ মুখ দেখা নাই ৷ অঞ্চল এটাৰ উন্নয়ণৰ ৰূপৰেখাৰ অন্যতম সমল বাট-পথৰ দুৰৱস্থাই এতিয়াও যমৰ যাতনা ভুগাই আহিছে স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপন কৰা নাগৰিকক ৷

বাট-পথৰ দুৰৱস্থাৰ উদাহৰণ দাঙি ধৰিছে কৰিমগঞ্জৰ বদৰপুৰ সমষ্টিয়ে (Badarpur constituency)৷ এআইইউডিএফৰ আব্দুল আজিজৰ(MLA Abdul Aziz) সমষ্টিৰ লামাজুয়াৰ পঞ্চায়তৰ অন্তৰ্গত ১০ নম্বৰ ৱাৰ্ডৰ অনুচিত লোকৰ বসবাস কৰা খাগগাঁৱৰ বাট-পথৰ সমস্যাই লৈছে চূড়ান্ত ৰূপ ৷ এটা বৃহৎ অঞ্চলৰ লোকৰ যাতায়তৰ একমাত্ৰ পথটো এতিয়া হৈ পৰিছে মানুহৰ বাবে যাতায়তৰ অনুপযোগী ৷

পথটো নতুনকৈ নিৰ্মাণ কৰাতো দূৰৈৰ কথা, আজিপৰ্যন্ত মেৰামতিৰ বাবেও জনপ্ৰতিনিধিয়ে নল’লে উদ্যোগ ৷ যাৰ কুফল ভোগ কৰিলে বৃহত্তৰ অঞ্চলবাসীয়ে ৷ ইয়াৰোপৰি ভূতৰ ওপৰত দানহ পৰাদি পথটোৰ ভূমি বেদখলত নামি পৰিল গাঁওখনৰে তিনিজন লোকে ৷ স্থানীয় লোক অভিযোগ অনুসৰি বদৰুল হক, নজমুল হক আৰু আব্দুল ৰুফে নামৰ তিনিজন লোকে পথটোৰ এটা অংশ বেদখল কৰি ৰাখিছে (Road encroachment at Badarpur) ।

উল্লেখ্য যে ৰ’দ দিলে ধূলি, বৰষুণ দিলে বোকাত পোঁত যোৱা উক্ত পথটোৰ কাৰণে এই বৰ্ষত গাঁওবাসীয়ে দুৰ্গা পূজাও উদযাপন কৰিব নোৱাৰিলে । ইয়াৰোপৰি পথটোৰে বিদ্যালয়লৈ অহা-যোৱা কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছে অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীসকল ৷ লগতে গাঁওখনৰ‌ অন্যান্য লোকসকলে দৈনন্দিন কাম-কাজৰ বাবে পথটোৱে অহা-যোৱা কৰোতে সন্মুখীন হৈ আহিছে জটিল সমস্যাৰ ৷

বিধ্বস্ত পথত বেদখলকাৰীৰ চকু, বিপদত অঞ্চলবাসী

পথটোৰ এইসমূহ সমস্যাৰ প্ৰতি স্থানীয় ৰাইজে চৰকাৰৰ কৃপা দৃষ্টি আশা কৰিছে ৷ চৰকাৰৰ লগতে কৰিমগঞ্জ জিলা উপায়ুক্ত আৰু বদৰপুৰৰ চক্ৰ বিষয়াক(Badarpur circle officer) পথটো দখলমুক্ত কৰিবলৈ আহ্বান জনাইছে ৷ সেই অনুসৰি সোমবাৰে বদৰপুৰৰ চক্ৰ কাৰ্যালয়ৰ কৰ্মচাৰীসকলে পথটো পৰ্যবেক্ষণ কৰি দখলমুক্ত কৰাৰ পৰিকল্পনাৰে সীমা নিৰ্ধাৰণ কৰে ৷

তেনে সময়তে পথটো বেদখল কৰি ৰখা বদৰুল হকসহ আন কেইবাজনো লোকে পথটোৰ সীমা নিৰ্ধাৰণত কৰ্মচাৰীসকলক বাধা প্ৰদান কৰে ৷ গাঁওখনৰ ৰাইজে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি পথটো দখলমুক্ত কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ বাবে আবেদন জনায় ৷

লগতে পঢ়ক :Road accident in Narayanpur: পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি নাৰায়ণপুৰ থানা ঘেৰাও ক্ষুব্ধ ৰাইজৰ

ABOUT THE AUTHOR

...view details