অসম

assam

By

Published : Apr 16, 2020, 2:01 PM IST

ETV Bharat / state

স্ব-ভূমিতে বন্দীত্বৰ জীৱন কটাইছে ভাৰত-বাংলা সীমান্তৰ বহু পৰিয়ালে

লক ডাউনৰ এই সময়ছোৱাত বৃহৎ সমস্যাৰ সন্মুখীন হ'ব লগীয়া হৈছে ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী "ন' মেনছ লেণ্ড"ত থকা বহু পৰিয়াল ৷ কটাব লগীয়া হৈছে বন্দীত্বৰ দৰে জীৱন ৷

People facing lots of problem at Indo-Bangla border due to Lockdown
স্ব-ভুমিতে বন্দীত্বৰ জীৱন কটাইছে ভাৰত-বাংলা সীমান্তৰ বহু পৰিয়ালে

কৰিমগঞ্জ, 16 এপ্ৰিল: কৰ'ণা ভাইৰাছৰ মহামাৰীৰ বাবে বিশ্বৰ আন বহু কেইখন আগশাৰীৰ দেশৰ দৰে ভাৰতবৰ্ষতো অব্যাহত আছে লক ডাউন ৷ কৰ'ণা ভাইৰাছৰ প্ৰতিৰোধৰ বাবে চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তলৈ দেশবাসীয়ে সমৰ্থন জনাইছে যদিও এই সমছোৱাত একাংশ লোকে ভুগিব লগীয়া হৈছে যমৰ যন্ত্ৰণা ৷ দুবেলা দুমুঠি আহাৰ তথা অতি প্ৰয়োজনীয় যাৱতীয় সামগ্ৰী সমুহ গোটাবৰ বাবে এক বৃহৎ সমস্যাৰ সন্মুখীন হৈছে এইসকল লোক ৷ চৰকাৰে উক্ত লোক সকলৰ সহায়ৰ বাবে বিভিন্ন পদক্ষেপ হাতত লৈছে যদিও কিন্ত সেই আঁচনি সমুহে ঢুকি পোৱা নাই বহু লোকক ৷

স্ব-ভুমিতে বন্দীত্বৰ জীৱন কটাইছে ভাৰত-বাংলা সীমান্তৰ বহু পৰিয়ালে

লক ডাউনৰ এই সময়ছোৱাত তেনে কিছু বৃহৎ সমস্যাৰ সন্মুখীন হ'ব লগীয়া হৈছে ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী দুয়োখন দেশৰ মাজত থকা কাটা তাঁৰৰ মাজত থকা "ন' মেনছ লেণ্ড"ঘোষণা কৰা অঞ্চলত বসতি কৰি থকা বহু পৰিয়াল ৷ উল্লেখ্য যে ভাৰত-বাংলা সীমান্ত সুৰক্ষাৰ বাবে যেতিয়া কাঁইটীয়া তাঁৰৰ বেৰ দিয়াৰ সময়ত কাঁইটীয়া তাঁৰৰ সীমাৰ বাহিৰলৈ ওলাই গৈছিল তেতিয়াৰ কৰিমগঞ্জ জিলাৰ অন্তৰ্গত ভাৰতীয় গাঁও কেইখন ৷ কৰ'ণা প্ৰতিৰোধৰ ক্ষেত্ৰত গৃহ মন্ত্ৰণালয়ে ভাৰত-বাংলা সীমান্ত সম্পূৰ্ণৰূপে ছিল কৰি দিয়াৰ পাছতে এতিয়া বন্দীত্বৰ জীৱন কটাব লগীয়া হৈছে উক্ত ঠাই খিনিত বসবাস কৰি অহা লোক সকলে ৷ খাদ্য তথা অন্যান্য প্ৰয়োজনীয় সামগ্ৰী গোটাবৰ বাবে ক'লৈকো ওলাব নোৱাৰা অৱস্থা এই সকল লোকৰ ৷ সীমা ছীল হোৱা ছয় দিনৰ পাছত প্ৰশাসনৰ পৰা পৰিয়াল কেইটাক কিছু পৰিমাণে খাদ্য সামগ্ৰী যোগান ধৰা হৈছিল যদিও অনাগত দিনত হ'ব লগীয়া সমস্যাৰ কথা ভাৱি চিন্তাত পৰিছে পৰিয়াল কেইটা ৷ ইফালে বৰ্ডাৰ ছিল হোৱাৰ পাছত গাঁওৰ এজন ব্যক্তি ৰাতিৰ ভাগত অসুস্থ হৈ পৰাৰ সময়ত সীমান্ত সুৰক্ষা বাহিনীৰ লগত যোগাযোগ কৰিছিল যদিও বিএছএফে কোনো ধৰণৰ সহায়ৰ বাবে আগবাঢ়ি নাহিল বুলি অভিযোগ তুলিছে একাংশ ৰাইজে ৷

লগতে পঢ়কঃ দৰিদ্ৰ পৰিয়াললৈ সাহাৰ্য প্ৰদান অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ

ABOUT THE AUTHOR

...view details