অসম

assam

ETV Bharat / state

পাথাৰকান্দিত বাঁহৰ দলঙে জীয়াতু ভোগাইছে ৰাইজক - People facing lot of problems because of a bambo bridge at patharkandi

পাথাৰকান্দিৰ এখন দলঙে উদঙাইছে চৰকাৰী উন্নয়ণৰ ফোপোলা স্বৰূপ ৷ স্বাধীনতাৰ 72 বছৰ অতিক্ৰম হোৱাৰ পাছতো এখন বাঁহৰ দলঙেৰে বিপদসংকুল যাত্ৰা পাথাৰকান্দি সমষ্টিৰ কালাচৰাৰ প্ৰায় 7 হাজাৰ লোকৰ ৷

People facing lot of problems because of a bambo bridge at patharkandi
পাথাৰকান্দিত বাঁহৰ দলঙে জীয়াতু ভোগাইছে ৰাইজক

By

Published : Dec 29, 2019, 1:28 PM IST

কৰিমগঞ্জ,29 ডিচেম্বৰ : পাথাৰকান্দিৰ এখন দলঙে উদঙাইছে চৰকাৰী উন্নয়ণৰ ফোপোলা স্বৰূপ ৷ এই দলং খনে আপোনাকো ভবাই তুলিব যে, উন্নয়ন প্ৰকৃততে বাস্তৱতে হৈছে নে কেৱল চৰকাৰী কাগজ-পত্ৰ অথবা বিজ্ঞাপনতে সীমাৱদ্ধ হৈ আছে ৷ স্বাধীনতাৰ 72 বছৰ অতিক্ৰম কৰাৰ পাছতো এখন বাঁহৰ দলঙেৰে বিপদসংকুল যাত্ৰা পাথাৰকান্দি সমষ্টিৰ কালাচৰাৰ প্ৰায় 7 হাজাৰ লোকৰ ৷ ৰাইজৰ অভিযোগ অনুসৰি কালাচৰাৰ পৰা কৰীখাইকে ধৰি প্ৰায় 5 খন গাঁওৰ একমাত্ৰ চলাচলৰ মাধ্যম এই দলংখন নিৰ্মানৰ বাবে কোনো কাণ-সাৰ নাই চৰকাৰ তথা জনপ্ৰতিনিধিৰ ৷ ফলত বছৰ বছৰ ধৰি যমৰ যাতনা ভুগিব লগা হৈছে স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ লগতে গাঁও কেইখনৰ শ-শ ৰাইজে ৷

পাথাৰকান্দিত বাঁহৰ দলঙে জীয়াতু ভোগাইছে ৰাইজক

ভোক্তভোগীৰ অভিযোগ অনুসৰি বাৰিষাৰ ভৰ বানৰ সময়ত হাতৰ মুঠিত প্ৰাণ লৈ দলংখনৰ ওপৰৰে বিপদসংকুল যাত্ৰা কৰিব লাগে ছাত্ৰ ছাত্ৰী সকলৰ লগতে সাধাৰণ ৰাইজে ৷ স্থানীয় ৰাইজৰ অনুৰোধ চৰেকাৰে অচিৰেই উচিত ব্যৱস্থা গ্ৰহণ কৰি এই বিপদৰ পৰা উদ্ধাৰ কৰক পাঁচ খনকৈ গাঁওৰ শ-শ ৰাইজক ৷

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details