অসম

assam

ETV Bharat / state

কৰিমগঞ্জত নে ত্ৰিপুৰাতঃ এজন ট্ৰাক চালকক কেন্দ্ৰি কৰি বিভ্ৰান্তিত দুই ৰাজ্যৰ প্ৰশাসন - কৰ'ণা আক্ৰান্ত ট্ৰাক চালক

এগৰাকী লোকক লৈ দোমোজাৰ সৃষ্টি একাংশৰ মাজত । ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ টুইটযোগে প্ৰকাশ পোৱা কৰ'ণা আক্ৰান্ত ট্ৰাক চালক গৰাকীক লৈ সৃষ্টি দোমোজাৰ ।

People confused about the Suspected Covid 19 effected truck Driver
People confused about the Suspected Covid 19 effected truck Driver

By

Published : May 10, 2020, 8:19 PM IST

কৰিমগঞ্জ, 10 মে': কৰিমগঞ্জৰ কায়স্থগ্ৰামৰ জফৰুল ইছলাম নামৰ এগৰাকী গাড়ী চালকক কেন্দ্ৰ কৰি শনিবাৰে যথেষ্ট চাঞ্চল্যৰ সৃষ্টি হয় । ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱৰ টুইটযোগে এই চালক গৰাকী COVID-19 আক্ৰান্ত বুলি প্ৰকাশ পাইছিল । ত্ৰিপুৰাৰ পৰা প্ৰাপ্ত এক তথ্য অনুসৰি, এই চালক গৰাকীয়ে পৰীক্ষাৰ বাবে নমুনা প্ৰদান কৰি ত্ৰিপুৰাৰ পৰা পলায়ন কৰিছিল । তাৰ পৰৱৰ্তী সময়তে কায়স্থগ্ৰামৰ নয়াগ্ৰামৰ নিজ ঘৰত পোৱা গৈছিল গাড়ী চালকজনক ।

সেই অনুসাৰে চালকজনৰ লগতে তেওঁৰ পৰিয়ালৰ আন একৈশ গৰাকী সদস্যৰ নমুনা সংগ্ৰহ কৰি তেওঁলোকক হোম কোৱাৰেণ্টাইনৰ নিৰ্দেশ প্ৰদান কৰা হৈছিল । এই সমগ্ৰ ঘটনাৰ পিচতে শনিবাৰে কৰিমগঞ্জৰ উপায়ুক্ত এম আন্বামাথুন এম.পিয়ে কায়স্থগ্ৰামৰ নয়াগ্ৰামৰ জফৰুল ইছলাম ত্ৰিপুৰাৰ পৰা পলাই অহা ট্ৰাক চালক নহয় বুলি স্পষ্ট কৰি চালক গৰাকী ত্ৰিপুৰালৈ যোৱাৰ বাবেহে তেওঁক হোম কোৱাৰেণ্টাইন কৰা বুলি উল্লেখ কৰে ।

ত্ৰিপুৰাৰ কৰ'ণা আক্ৰান্ত চালকজন কৰিমগঞ্জৰ নহয়ঃ স্পষ্ট কৰিলে উপায়ুক্তই

কিন্তু ইয়াৰ বিপৰীতে, লগতে ত্ৰিপুৰাৰ স্বাস্থ্য মন্ত্ৰী ৰতন লাল নাথে এখন সংবাদমেলযোগে কয় যে, ত্ৰিপুৰাৰ পৰা অহা চালক জফৰুল ইছলাম কৰিমগঞ্জৰ স্বাস্থ্য বিভাগৰ তত্বাৱধানত আছে ।

ত্ৰিপুৰাৰ পৰা অহা চালক জফৰুল ইছলাম কৰিমগঞ্জৰ স্বাস্থ্য বিভাগৰ তত্বাৱধানত আছেঃ ৰতন লাল নাথ

আনহাতে নিলামবজাৰৰ চক্ৰ বিষয়াগৰাকীয়ে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপতো, এই চালক গৰাকীয়েই ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱৰ টুইটযোগে প্ৰকাশ কৰা লোকজন বুলি উল্লেখ কৰে । যাক লৈ এতিয়া বিভ্ৰান্তিৰ সৃষ্টি হৈছে সকলোৰে মাজত ।

কায়স্থগ্ৰামৰ জফৰুল ইছলামেই বিপ্লৱ দেৱৰ টুইটযোগে প্ৰকাশ কৰা লোকজন বুলি প্ৰকাশ কৰে নিলামবজাৰৰ চক্ৰ বিষয়াই

লগতে পঢ়কঃৰাজ্য অনুযায়ী ভাৰতবৰ্ষত COVID-19ৰ শেহতীয়া তথ্য

ABOUT THE AUTHOR

...view details