অসম

assam

ETV Bharat / state

হাতী খেদিবলৈ যোৱা বনকৰ্মীক আক্ৰমণ ৰাইজৰ - ত্ৰিপুৰত বনক্ৰমীক আক্ৰমণ

ত্ৰিপুৰাৰ উত্তৰ মহাৰাণী পুৰৰ লক্ষ্মীচৰণ গাঁৱত হাতী খেদিবলৈ যোৱা বনকৰ্মীৰ ওপৰত আক্ৰমণ চলায় একাংশ উত্তেজিত ৰাইজে ৷ এই ঘটনাত গুৰুতৰভাৱে আহত হয় বিশ্বজিৎ দেৱবর্মা নামৰ এগৰাকী বনকর্মী |

As_kmj_people-attack-forest-officials-at-tripura_vis_as10034
হাতী খেদিবলৈ যোৱা বনকৰ্মীক আক্ৰমণ ৰাইজৰ

By

Published : Nov 25, 2020, 12:48 PM IST

কৰিমগঞ্জ,25 নৱেম্বৰঃ অসমৰ লগতে চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাৰ বিভিন্ন অঞ্চলটো অব্যাহত আছে বন্যবহস্তীৰ তাণ্ডৱ ৷ বন্যহস্তীৰ আক্ৰমণত বিনিদ্ৰ ৰজনী পাৰ কৰিবলগীয়া হৈছে বহু অঞ্চলৰ ৰাইজে ৷ ইয়াৰ মাজতে মঙলবাৰে ত্ৰিপুৰাৰ উত্তৰ মহাৰাণী পুৰৰ লক্ষ্মীচৰণ গাঁৱত সংঘটিত হয় এক দুৰ্ঘটনা ৷ একাংশ ক্ষুদ্ধ ৰাইজে আক্ৰমণ চলায় কৰ্তব্যৰত বনকৰ্মীৰ ওপৰত ৷ ফলত গুৰুতৰভাৱে আহত হয় বিশ্বজিৎ দেববর্মা নামৰ এগৰাকী বনকর্মী |

হাতী খেদিবলৈ যোৱা বনকৰ্মীক আক্ৰমণ ৰাইজৰ

উল্লেখ্য যে,মঙলবাৰে নিশা গাঁওখনত কাষৰ হাবিৰ পৰা জাকে জাকে অহা বন্যহস্তীয়ে ধাননি পথাৰ বিনস্ত কৰে ৷ এই সন্দৰ্ভত ৰাইজে বন বিভাগক অৱগত কৰে ৷ ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ গুলি,ফটকাৰে হাতীৰ জাকটো খেদি পঠিয়ায় ৷ কিন্তু হঠাতে ক্ষুদ্ধ ৰাইজে ওলোটাই বনকৰ্মীৰ ওপৰত আক্ৰমণ চলায় ৷ ফলত গুৰুতৰভাৱে আহত হয় বনকৰ্মী বিশ্বজিৎ দেববর্মা ৷ এই ঘটনাক কেন্দ্ৰ সম্প্ৰতি সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে ৷

লগতে পঢ়ক-তৰুণ গগৈ মোৰ গুৰু আছিল : ৰাহুল গান্ধী

ABOUT THE AUTHOR

...view details