কৰিমগঞ্জ,৩ ছেপ্তেম্বৰ :যিকোনো মুহূৰ্তত চুবুৰীয়া ৰাজ্যেৰ সৈতে যোগাযোগ বন্ধ হ'ব পাৰে অসমৰ । অসম আৰু ত্ৰিপুৰা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাই এতিয়া জ্বলাকলা খুৱাইছে সৰ্বসাধাৰণ লোকক । মেৰামতিৰ অভাৱত পথত প্ৰকাণ্ড প্ৰকাণ্ড গাতৰ সৃষ্টি হৈছে ।
প্ৰায় ১০ কিলোমিটাৰ পৰ্যন্ত পথটোৰ এতিয়া বিধস্ত ৰূপ । নিতৌ হাজাৰ হাজাৰ বাহন এই ভঙা ছিগা পথেৰে চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাৰ পৰা অহা যোৱা কৰে । বিধস্ত পথটোৰেই প্ৰতিদিনে বহু ৰোগী অসমলৈ আনিবলগীয়া হয় ।
স্থানীয় লোকে জনোৱা মতে মাকুন্দা খ্ৰীষ্টিয়ান লেপ্ৰ'চি এণ্ড জেনেৰেল হাস্পতাললৈ (Makunda Christian Leprosy and General Hospital) নিতৌ প্ৰসূতি ৰোগীক সেই পথেৰেই আনিবলগীয়া হয় । যাৰ বাবে এতিয়া তীব্ৰ যান্ত্ৰণা ভূগিছে অঞ্চলটোৰ লোকসকলে ।