কৰিমগঞ্জ, 17 নৱেম্বৰ :এটি পৰিয়ালৰ কৰুণ বিননি ৷ বিজেপি শাসিত চৰকাৰখনৰ উন্নয়নৰ এক বিপৰীত প্ৰতিচ্ছবি প্ৰতিফলিত হৈছে কৰিমগঞ্জৰ এটি পৰিয়ালত ৷ এটি উৰুখা পঁজাত গৰু-ছাগলীৰ সহিতে সহবাস কৰিছে তিনিজনীয়া এটি দৰিদ্ৰ পৰিয়ালে ৷
পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে বিভাগৰ উন্নয়নৰ নামত কেৱল ঢাক-ঢোল বজাওতেই পাৰ কৰিছে সময় ৷ কিন্তু প্ৰকৃত হিতাধীকাৰীয়ে কিমান পাইছে চৰকাৰী সা-সুবিধা ! তাৰেই এক উদাহৰণ কৰিমঞ্জৰ সুজিত কুমাৰ দত্তৰ এই পৰিয়ালটো ৷ সুজিত কুমাৰ দত্তই উল্লেখ কৰা অনুসৰি, তিনিজনীয়া এই পৰিয়ালটোৱে আজিলৈকে লাভ কৰা নাই চৰকাৰী আঁচনিৰ কোনো সুবিধা ৷
সুজিত কুমাৰ দত্তই ককায়েক আৰু ভনীয়েকৰ সৈতে গোহালি সদৃশ এটা ঘৰটোতে বাস কৰে ৷ পৰিয়ালটোৰ নাই বসোপযোগী এটা ঘৰ, নাই খোৱা পানীৰ ব্যৱস্থা, নাই শৌচালয় । আনকি শুৱলৈ নাই এখন বিচনাও ৷ পৰিয়ালটোৰ অভিযোগ, চৰকাৰী আঁচনিৰ সুবিধা বিচাৰি গাঁও পঞ্চায়তৰ সভাপতিগৰাকীৰ কাষ চপাৰ পাচতো আজি পৰ্যন্ত কোনো ফল লাভ নকৰিলে ৷