অসম

assam

মহাত্মাগান্ধী আদৰ্শ চিকিৎসালয়ত ৰোগীৰ হাহাকাৰ

By

Published : Sep 27, 2019, 9:18 AM IST

লাখ লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰা কৰিমগঞ্জৰ গোৰামাৰা মহাত্মাগান্ধী আদৰ্শ চিকিৎসালয়ত ৰোগীৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ কংগ্ৰেছৰ শাসনকালত নিৰ্মিত চিকিৎসালয়খনত সহজে উপলব্ধ নহয় এজনো চিকিৎসক আৰু নাৰ্ছ ৷ আদৰ্শ চিকিৎসালয়খনত বৰ্তমানলৈকে নাই স্থায়ী পৰিসেৱাৰ ব্যৱস্থা ৷

মহাত্মাগান্ধী আদৰ্শ চিকিৎসালয়

বদৰপুৰ, 27 ছেপ্টেম্বৰ :লাখ লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰা কৰিমগঞ্জৰ গোৰামাৰা মহাত্মাগান্ধী আদৰ্শ চিকিৎসালয়ত ৰোগীৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ কংগ্ৰেছৰ শাসনকালত নিৰ্মিত চিকিৎসালয়খনত সহজে উপলব্ধ নহয় এজনো চিকিৎসক আৰু নাৰ্ছ ৷ আদৰ্শ চিকিৎসালয়খনত বৰ্তমানলৈকে নাই স্থায়ী পৰিসেৱাৰ ব্যৱস্থা ৷

মহাত্মাগান্ধী আদৰ্শ চিকিৎসালয়ত ৰোগীৰ হাহাকাৰ

মাহত এদিন বা দুদিন চিকিৎসক আহি উপস্থিত হ'লেও দিনৰ বাৰ বজাতে চিকিৎসালয় বন্ধ কৰে বুলি অভিযোগ উত্থাপন হৈছে ৷ ৰাইজে মন্তব্য কৰা অনুসৰি, চিকিৎসালয়খন থাকিও তেওঁলোকৰ কোনো সুবিধা হোৱা নাই ৷ কৰিমগঞ্জ স্থাস্থ্য বিভাগৰ এই অৱস্থাই এতিয়া সকলোৰে চকু কপালত তুলিছে ৷ ৰোগীৰ লগতে মানৱ সুৰক্ষা সংগঠনৰ কৰ্মকৰ্তাই এই সমস্যাৰ সমাধানৰ বাবে কৰিমগঞ্জ জিলা প্ৰশাসন আৰু স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ কামনা কৰিছে ৷

ABOUT THE AUTHOR

...view details