অসম

assam

ETV Bharat / state

পাঁচগ্ৰাম সিদ্ধেশ্বৰ দেৱালয়ত ভক্তৰ লানি নিছিগা সোঁত

মধু কৃষ্ণ এয়োদশী তিথি উপলক্ষে কৰিমগঞ্জৰ পাঁচগ্ৰাম সিদ্ধেশ্বৰ দেৱালয় আৰু বৰাক নৈৰ দুয়োপাৰত হাজাৰ হাজাৰ লোকৰ ভক্তৰ সমাগম । পুৱাই অসম, ত্ৰিপুৰা, মিজোৰাম, ডিমা হাচাওৰ লগতে ভিন্ন ঠাইৰ পৰা অজস্ৰ ভক্ত আহি স্নান কৰিবলৈ ভিৰ কৰা পৰিলক্ষিত হয় ।

By

Published : Apr 9, 2021, 2:32 PM IST

কৰিমগঞ্জ, ৯ এপ্ৰিল: আজি মধু কৃষ্ণ এয়োদশী তিথি । এই মধু কৃষ্ণ এয়োদশী তিথি উপলক্ষে কৰিমগঞ্জৰ পাঁচগ্ৰাম সিদ্ধেশ্বৰ দেৱালয় আৰু বৰাক নৈৰ দুয়োপাৰত হাজাৰ হাজাৰ লোকৰ ভক্তৰ সমাগম দেখিবলৈ পোৱা গৈছে । শুকুৰবাৰে পুৱাই অসম, ত্ৰিপুৰা, মিজোৰাম, ডিমা হাচাওৰ লগতে ভিন্ন ঠাইৰ পৰা অজস্ৰ ভক্ত আহি স্নান কৰিবলৈ ভিৰ কৰা পৰিলক্ষিত হৈছে । সম্পূৰ্ণ ক'ভিড নীতি-নিয়ম অনুসৰি সম্পন্ন কৰা হয় পূজা ।

মধু কৃষ্ণ এয়োদশী তিথি উপলক্ষে সিদ্ধেশ্বৰ দেৱালয় প্ৰাংগনত ১৫ দিনীয়া মেলাও অনুষ্ঠিত কৰা হয় । এই মেলাত ভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ ব্যৱসায়ীয়ে বিপননত অংশগ্ৰহণ কৰে । উল্লেখ্য যে, অতীজৰে পৰা বৰাক উপত্যকাৰ বাৰুনী স্থানত চলি আহিছে মধু কৃষ্ণ এয়োদশী তিথিৰ পূজা ।

লগতে পঢ়ক: বকোত চেগুন কাঠৰ কুণ্ডা ভৰ্তি টাটা ডিআই বাহন জব্দ

ABOUT THE AUTHOR

...view details