কৰিমগঞ্জ, 25 মাৰ্চ : নিশা কৰিমগঞ্জৰ ছেটেলমেন্ট ৰোডত এক উত্তেজনাৰ পৰিস্থিতি সৃষ্টি হয় ৷ স্থানীয়ো সদৰি কৰা মতে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ সমৰ্থকৰ মাজত প্ৰথমে বাক যুদ্ধ, তাৰ পাচত হতাহতি সৃষ্টি হয় ৷ এই পৰিস্থিতিত কেইবাজনো লোকৰ আঘাট প্ৰাপ্ত হয় বুলি জানিব পৰা গৈছে ৷
ঘটনাৰ বিৱৰণ অনুসৰি সভাৰ আৰম্ভণিতে ৰাইজৰ দলৰ সমৰ্থিত কিছু যুৱকে মহাজোঁটৰ প্ৰাৰ্থী কমলাক্ষ দে পুৰকায়স্তৰ ঘনিষ্ট হিচাপে পৰিচিত সন্দিপ নন্দীৰ বিৰুদ্ধে মছজিদ ভঙা এক অভিযোগ উত্থাপন কৰে ৷ হাতত অভিযোগৰ কাগজলৈ প্ৰতিবাদ সাব্যস্থ কৰে কিছু যুৱকে ৷ এই প্ৰতিবাদৰ সময়তে দুটা পক্ষৰ মাজত হতাহতি সৃষ্টি হয় ৷