কৰিমগঞ্জ,15 ছেপ্তেম্বৰঃ বৰাক উপত্যকাক কৰিডৰ হিচাপে ব্যবহাৰ কৰি মেঘালয়ৰ পৰা ত্ৰিপুৰালৈ চুনশীল তথা শিলৰ সৰবৰাহ অব্যাহত আছে। চালানত থকা শিলতকৈ চৰকাৰী ৰাজহ ফাঁকি দি অত্যাধিক শিল সৰবৰাহ চলি থকাৰ অভিযোগ উঠিছে অসম ত্ৰিপুৰা সংযোগী 8নং ৰাষ্ট্ৰীয় ঘাইপথত । বিভিন্ন সময়ত অভিযোগ উত্থাপিত হৈ আহিছে যে,আৰক্ষীক মেনেজ কৰি চক্ৰটোৱে ত্ৰিপুৰাত শিলৰ সৰবৰাহ অব্যাহত ৰাখিছে ।
আৰক্ষীৰ অভিযানত জব্দ 21 খনকৈ অভাৰলোড শীল কঢ়িওৱা ট্ৰাক - শিলভৰ্তী একাংশ ট্ৰাক
পাথাৰকান্দিত আৰক্ষীৰ অভিযানত জব্দ 21 খনকৈ অভাৰলোড শীল কঢ়িওৱা ট্ৰাক । মেঘালয়ৰ পৰা ত্ৰিপুৰালৈকে সৰবৰাহৰ সন্দেহ ।
ইপিনে বৰাক উপত্যকাত কয়লাৰ চিণ্ডিকেটৰ বাতৰি সম্প্ৰচাৰিত হোৱাৰ পিছত বাৰে বাৰে চি বি আই তদন্তৰ দাবী উঠিছিল যদিও সেইয়াও যেন ফুটুকাৰ ফেনত পৰিনত হৈছে ৷ উল্লেখযোগ্য যে,শিলভৰ্তি একাংশ ট্ৰাকত নাথাকে বৈধ নথিপত্ৰ আনহাতে একাংশই ভুৱা নথি ব্যবহাৰ কৰি শিলৰ সৰবৰাহ কৰাৰো অভিযোগ পূৰ্বতেও বহুবাৰ উত্থাপিত হৈছে । পাথাৰকান্দিত মঙলবাৰে জব্দ হোৱা ট্ৰাক কেইখন সন্দৰ্ভত ৰহস্যজনক ভাৱে মৌনতা অৱলম্বন কৰিছে আৰক্ষীয়ে । আনহাতে পাথাৰকান্দি কংগ্ৰেছৰ ফালৰ পৰা অভিযোগ উত্থাপিত কৰিছে যে,চৰকাৰ পক্ষৰ একাংশৰ ছত্ৰছায়াত শিলৰ অবৈধ সৰবৰাহ বৰাক উপত্যকাৰ মাজেৰে চলি আহিছে ।
লগতে পঢ়কঃ বিজেপিৰ চৰকাৰক বাংলাদেশী চৰকাৰ আখ্যা!