কৰিমগঞ্জ, 21 ছেপ্তেম্বৰঃ কৰিমগঞ্জৰ শ্ৰীগৌৰী হাস্পতালত ৰোগীৰ হাহাকাৰ পৰিস্থিতি ৷ নাই খোৱা পানী, নাই চিকিৎসক ৷ তদুপৰি প্ৰস্ৰাৱগাৰো ব্যৱহাৰ কৰিব নোৱাৰে ৰোগীয়ে।
কদৰ্যময় পৰিৱেশ! কৰিমগঞ্জৰ শ্ৰীগৌৰী হাস্পতালত নাই চিকিৎসক, ৰোগীৰ হাহাকাৰ - srigouri hospital
কৰিমগঞ্জৰ শ্ৰীগৌৰী হাস্পতালত ৰোগীৰ হাহাকাৰ পৰিস্থিতি ৷ ঔষধ-খোৱাপানীৰ অভাৱ, নাই প্ৰসাৱগাৰ, দুৰ্ভোগ ভুগিছে ৰোগীয়ে ৷ অতি শীঘ্ৰে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান বিভিন্ন দল সংগঠনৰ ৷

কৰিমগঞ্জৰ শ্ৰীগৌৰী হাস্পতাল খনেই হৈছে জিলা খনৰ চিকিৎসাৰ ভৰষা সাধাৰণ ৰাইজৰ ৷ কিন্তু চিকিৎসালয় খনত ৰোগী সকলৰ বাবে নাই এতিয়া কোনো সা-সুবিধা ৷ তাৰোপৰি চিকিৎসালয়খনত নাই চিকিৎসক ৷ আনহাতে চিকিৎসালয় খনত এতিয়া চাৰিওফালে কদৰ্য ৰূপ ৷ খোৱা পানীৰ সুবিধা নাই, ঔষধ নাই আনকি শৌচ-পেচাব কৰিবলৈ কোনো ধৰণৰ সা-সুবিধা নাই ৷এক কদৰ্যময় পৰিৱেশত দিন কটাইছে ৰোগীয়ে। এতিয়া দুৰ-দুৰণিৰ পৰা অহা ৰোগী সকলে চিকিৎসালয়খনত কোনো ধৰণৰ সা-সুবিধা নোপোৱাত হাহাকাৰ কৰি উভতি যাবলগীয়া হোৱা ঘটনাই, চিন্তনীয় কৰি তুলিছে সচেতন মহলত ৷ অতি শীঘ্ৰে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ৱদৰপুৰ হিউমেন উয়েল ফেয়াৰ অৰ্গেনাইজেছনৰ কৰ্মী সকলৰ লগতে বিভিন্ন দল সংগঠনে ৷