কৰিমগঞ্জ, 2 জানুৱাৰীঃউগ্ৰপন্থী দলৰ বিৰুদ্ধে ত্ৰিপুৰা আৰক্ষীৰ বৃহৎ অভিযান। অভিযানত আগ্নেয়াস্ত্ৰসহ আটক তিনিটাকৈ দুধৰ্ষ উগ্ৰপন্থী। আটক হোৱা উগ্ৰপন্থী কেইটা এনএলএফটি (NLFT) নামৰ উগ্ৰপন্থী সংগঠনৰ সক্ৰিয় সদস্য। গোপন সূত্ৰৰ খবৰৰ ভিত্তিতে উত্তৰ ত্ৰিপুৰা জিলাৰ পানিসাগৰ ৰে’ল ষ্টেচনৰ পৰা প্ৰথমে কান্তে লিয়াং আৰু দেববৰ্মাক আটক কৰে আৰক্ষীয়ে। আনহাতে একে স্থানৰ পৰা আন এগৰাকী উগ্ৰপন্থী সদস্য পলাই যাবলৈ সক্ষম হৈছিল যদিও পিছত ধৰ্মনগৰ ৰে’ল ষ্টেচনৰ পৰা পলাই যোৱা উগ্ৰপন্থী সদস্য জনকো আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। ধৰ্মনগৰৰ পৰা আটক হোৱা উগ্ৰপন্থীৰ নাম ফনিজয় ৰিয়াং। উত্তৰ ত্ৰিপুৰা জিলাৰ আৰক্ষী অধীক্ষক ভানুপদ চক্ৰৱৰ্তীৰ নেতৃত্বত চলিছিল এই অভিযান।
ত্ৰিপুৰা আৰক্ষীৰ অভিযানত আটক তিনি দুধৰ্ষ উগ্ৰপন্থী - ত্ৰিপুৰা আৰক্ষীৰ অভিযানত আটক তিনি দুধৰ্ষ উগ্ৰপন্থী
ত্ৰিপুৰা আৰক্ষীৰ অভিযানত আগ্নেয়াস্ত্ৰসহ আটক তিনিটাকৈ দুধৰ্ষ উগ্ৰপন্থী ৷ আটকাধীন উগ্ৰপন্থী কেইজন এনএলএফটি (NLFT) নামৰ উগ্ৰপন্থী সংগঠনৰ সক্ৰিয় সদস্য ৷

উগ্ৰপন্থী দলৰ বিৰুদ্ধে ত্ৰিপুৰা আৰক্ষীৰ অভিযান
ত্ৰিপুৰা আৰক্ষীৰ অভিযানত আটক তিনিটাকৈ দুধৰ্ষ উগ্ৰপন্থী
উল্লেখযোগ্য যে,পৃথক ত্ৰিপুৰা ৰাজ্যৰ দাবীত উগ্ৰপন্থী সংঘটনটোৱে বিগত কেবাবছৰ ধৰি চৰকাৰ বিৰোধী কাৰ্যকলাপ চলাই গৈছিল। আনকি সাধাৰণ লোককো ধন দাবী কৰি আহিছিল উগ্ৰপন্থী সংঘটনটোৱে ।