অসম

assam

By

Published : May 2, 2023, 1:54 PM IST

ETV Bharat / state

One died in abroad : দুৰ্ঘটনাত বহিঃৰাজ্যত প্ৰাণ হেৰুৱালে পাথাৰকান্দিৰ যুৱকে

দুৰ্ঘটনাত বহিঃৰাজ্যত প্ৰাণ হেৰুৱালে পাথাৰকান্দিৰ এজন 27 বছৰীয়া যুৱকে ৷ মৃত যুৱকজন পাথাৰকান্দিৰ কলকালিবস্তিৰ প্ৰয়াত আব্দুল গণিৰ পুত্ৰ কমল উদ্দিন বুলি জানিব পৰা গৈছে (Patharkandi Young Man died in Bengaluru) ৷

Young Man died in Bengaluru in Bike Accident
বহিঃৰাজ্যত পুনৰ মৃত্যুৰ ঘটনা অসমৰ যুৱকৰ

কৰিমগঞ্জ, 2 মে’ : পুনৰ বহিঃৰাজ্যত মৃত্যুৰ হ’ল অসমৰ যুৱকৰ (One man died in abroad) ৷ তথ্য অনুসৰি, এইবাৰ দুৰ্ঘটনাত পতিত হৈ বেংগালুৰুত প্ৰাণ হেৰুৱালে পাথাৰকান্দিৰ কলকালিবস্তিৰ 27 বছৰীয়া এজন যুৱকে ৷ মৃত যুৱকজন কলকালিবস্তিৰ প্ৰয়াত আব্দুল গণিৰ পুত্ৰ কমল উদ্দিন বুলি জানিব পৰা গৈছে (Assam Young Man Died In Bengaluru) ৷

জানিব পৰা মতে, পাথাৰকান্দিৰ কলকালিবস্তিৰ যুৱক কমল উদ্দিনে পৰিয়াল পোহপাল দিয়াৰ উদ্দেশ্যৰে কৰ্ম সংস্থাপনৰ বাবে ঢাপলি মেলিছিল বেংগালুৰুলৈ ৷ তাৰ পাচত বেংগালুৰুত এটা অনলাইন প্ৰতিষ্ঠানত ডেলিভাৰী বয় হিচাপে কাম কৰিছিল কমলে (Young Man died in Bengaluru in Bike Accident) ৷

লগতে পঢ়ক :Accident at Bengaluru : বেংগালুৰুত দুৰ্ঘটনাত পতিত হৈ প্ৰাণ হেৰুৱালে ৰঙিয়াৰ পুনমে

প্ৰতিদিনাৰ দৰে শুকুৰবাৰেও বাইকখন লৈ ওলাই গৈছিল কামলৈ ৷ তেনেতে বেংগালুৰুৰ এইচ এছ আৰ লেআউট ৰোডত হঠাৎ দুৰ্ঘটনাত পতিত হৈ মৃত্যু হয় যুৱকজনৰ (One young man from Patharkandi died at Bengaluru) ৷ মাত্ৰ ৭ মাহ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল যুৱকজন৷ একমাত্ৰক উপাৰ্নজকাৰী কমলৰ মৃত্যুত এতিয়া দিক বিদিক হেৰুৱাইছে পৰিয়ালটোৱে (Patharkandi Young Man died in Bengaluru) ৷

লগতে পঢ়ক :Karnataka Poll Manifesto of Congress : কৰ্ণাটকত বিনামূলীয়া বাছ যাত্ৰা, বিদ্যুতৰ প্ৰতিশ্ৰুতি কংগ্ৰেছৰ

ইফালে এই দুৰ্ঘটনাৰ পিচতে আৰক্ষী আৰু সতীৰ্থসকলে যুৱকজনৰ মৃতদেহটো উদ্ধাৰ কৰি বেংগালুৰুৰ এখন চিকিৎসালয়লৈ লৈ যায় (Road accident at Bengaluru) ৷ কিন্তু ধনৰ অভাৱত এতিয়াও কমলৰ মৃতদেহ ঘৰলৈ আনিব পৰা নাই পৰিয়ালৰ লোকে (Karimganj Young Man died in Bengaluru) ৷ সেয়ে কমলৰ মৃতদেহ ঘৰলৈ আনিবলৈ এতিয়া পৰিয়ালৰ লোকে চৰকাৰ তথা ৰাইজৰ পৰা আৰ্থিক সহায় বিচাৰিছে ৷

লগতে পঢ়ক :Protest in Nagaon: শ্ৰমিক দিৱসৰ দিনাই পেটত গামোচা বান্ধি প্ৰতিবাদত বহিল আৰ্টফেড জাগৰণৰ বেটন বঞ্চিত কৰ্মচাৰী

ABOUT THE AUTHOR

...view details