কৰিমগঞ্জ, 4 নৱেম্বৰ :কৰিমগঞ্জত শনিবাৰে এক ভয়ংকৰ পথ দুৰ্ঘটনা(Road Accident In Karimganj)ত এজন আৰক্ষীৰ লোক নিহত হয় । নিহত আৰক্ষীৰ জোৱানজন জয়দীপ পাল বুলি জানিব পৰা হৈছে । ৰাতাবাৰী আৰক্ষী থানাত কৰ্মৰত আছিল জয়দীপ পাল । শনিবাৰে পুৱা প্ৰায় দহ বজাত কৰিমগঞ্জ চহৰ সংলগ্ন পাটেল নগৰত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো । নিহত জয়দীপ পালৰ ঘৰ কৰিমগঞ্জৰ ভাংগাত বুলি জানিব পৰা হৈছে ।
বিভাগীয় কামৰ বাবে ৰাতাবাৰী আৰক্ষী থানাৰ পৰা কৰিমগঞ্জ সদৰ অভিমুখে স্কুটিৰে গৈ আছিল জয়দীপ পাল । সেই সময়তে এখন নম্বৰবিহীন অট’, আৰু ৱেগনাৰ বাহনৰ সৈতে জয়দীপৰ স্কুটীৰ মাজত ত্ৰিকোণীয় সংঘৰ্ষ হয় । দুৰ্ঘটনাৰ ফলত ৱেগনাৰখন পথৰ পৰা বাগৰি পৰে আৰু অট’ৰিক্সাখন পথৰ কাষৰ ট্ৰান্স ফাৰ্মাৰৰ খুটাত খুন্দা মাৰে । আনহাতে জয়দীপ পালে স্কুটিৰ সৈতে অসম ত্ৰিপুৰা সংযোগী আঠ নং ৰাষ্ট্ৰীয় ঘাইপথ(National Highway 8)ত বাগৰি পৰে ।