দক্ষিণ কৰিমগঞ্চ,15 জুলাইঃ আৰক্ষীৰ জালত পৰিল ভণ্ড প্ৰেমিক ৷ প্ৰেমত ব্যৰ্থ হৈ ভণ্ড প্ৰেমিকে প্ৰেমিকাৰ অশ্লীল ফটোৰে ফেচবুক একাউন্ট বনাই অৱশেষত জালত পৰিল আৰক্ষীৰ ৷ এইয়া সংঘটিত হৈছে কৰিমগঞ্জত ৷ আৰক্ষীৰ হাতত আটক হোৱা যুৱকজনৰ নাম জহৰুল ইছলাম। নিলামবজাৰ আৰক্ষী থানাৰ অন্তৰ্গত নয়াগ্ৰাম গাঁৱৰ নিৱাসী বুলি জানিবলৈ পৰা গৈছে জহৰুলক। ঘটনাৰ বিৱৰণী অনুসৰি জহৰুল ইছলামে একে গাঁওৰে এগৰাকী কলেজীয়া ছাত্ৰীৰ লগত প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছিল । দুজনৰ মাজত ভালেই চলিছিল প্ৰেম । যুৱতী গৰাকীক ফুচলাই কেবাখনো গোপন ফটো সংগ্ৰহ কৰিছিল জহৰুলে।
অশ্লীল ফটোৰে একাউণ্ট খুলি আৰক্ষীৰ জালত প্ৰেমিক - lover
প্ৰেমিকৰ অনুৰোধ ৰাখিবলৈ গৈ আপুনি নিজৰ গোপন ফটো ফেচবুক অথবা ৱাটছএপৰ যোগেদি দি থাকে নেকি ? তেন্তে সাৱধান হওঁক !
কিন্তু যুৱতীৰ বায়েকে এই সম্পৰ্কৰ কথা গম পাই দুয়োজনৰ সম্পৰ্ক মানিবলৈ অমান্তি হয় ফলত দুয়োৰে প্ৰেমৰ সম্পৰ্কত ফাট মেলে। ইয়াৰ পিচতে ফেচবুকত দুই ভগ্নীৰ ফটো লগাই কেবাটাও ভুৱা একাউন্ট বনাই আপলোড কৰা হয় প্ৰেমিকাৰ অশ্লীল ফটো। পিচত যুৱতীৰ পৰিয়ালৰ ফালৰ পৰা এই সন্দৰ্ভত নিলামবজাৰ আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰাৰ পাচত আৰক্ষীৰ তদন্তত ধৰা পৰে জহৰুল আৰু এজন যুৱক জড়িত থকাৰ কথা। জহৰুল ইছলামক আৰক্ষীয়ে ইতিমধ্যে কৰায়ত্ব কৰিছে যদিও আন এজন যুৱক এতিয়াও পলাতক অৱস্থাত আছে ।
গতিকে প্ৰেমিকৰ অনুৰোধ ৰাখিবলৈ গৈ নিজৰ গোপন ফটো শ্বেয়াৰ নকৰিব। নহ'লে আপুনিও হ’ব পাৰে একাংশ বিকৃত মানসিকতাৰ যুৱকৰ টাৰ্গেট ।