কৰিমগঞ্জ, 13 মে': কৰিমগঞ্জত বিয়া কৰাবলৈ গৈ ৰঙাঘৰৰ আলহী হ'ল এজন ৷ এবছৰ পূৰ্বে এগৰাকী মহিলাৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱা কাছাৰৰ চন্দ্ৰনাথপুৰৰ প্ৰসেনজিৎ কুৰ্মী নামৰ লোকজনে সকলো কথা গোপনে ৰাখি মন মেলিছিল পুনৰ বিবাহ কৰোৱাৰ ৷ বিয়াৰ মন মেলাই নহয়, কৰিমগঞ্জৰ চান্দখিৰা চাহ বাগিচাৰ এগৰাকী যুৱতীৰ সৈতে 12 মে'ত বিবাহৰ দিনো ধাৰ্য কৰিছিল প্ৰসেনজিতে ৷ কিন্তু বিয়াৰ দিনাই লাগিল অথন্তৰ ৷ প্ৰসেনজিতে দ্বিতীয় বিবাহ কৰিবলৈ লোৱা খবৰ লাভ কৰা মাত্ৰকে প্ৰথমা পত্নীয়ে কাষ চাপিল কাছাৰ জিলাৰ বিহাৰা সেৱা শক্তি ক্লাব আৰু জাৰিলতলা মহিলা সমিতিৰ। মহিলা সমিতিৰ সদস্যসকলে প্ৰসেনজিতৰ প্ৰথমা পত্নীৰ কথা মতেই ন-কইনাৰ ঘৰত উপস্থিত হৈ অভিভাৱকক জনালে প্ৰসেনজিতৰ সকলো কু-কাণ্ডৰ কথা ৷ তাৰ পাচতেই কৰিমগঞ্জৰ পাথাৰকান্দি আৰক্ষীক সকলো কথা অৱগত কৰি খবৰ দিয়াত আৰক্ষী উপস্থিত হৈ দৰা সাজত অহা প্ৰসেনজিতৰ লগতে আটক কৰে প্ৰসেনজিতৰ পিতৃক ৷
বিয়া কৰাবলৈ গৈ ৰঙাঘৰৰ আলহী দৰা - কৰিমগঞ্জত বিয়া কৰাবলৈ গৈ ৰঙাঘৰৰ আলহী হ'ল এগৰাকী
প্ৰথমা পত্নীয়ে বিয়াত লগালে অথন্তৰ ৷ দৰাৰ সাজতেই ৰঙাঘৰ পালেগৈ প্ৰসেনজিৎ কুৰ্মী
প্ৰথমা পত্নীয়ে বিয়াত লগালে অথন্তৰ
উল্লেখ্য যে, প্ৰায় এবছৰ পূৰ্বে বিবাহ পাশত আৱদ্ধ হোৱা প্ৰসেনজিতৰ প্ৰথমা পত্নী 7 মাহৰ অন্তঃসত্বা ৷ তৎসত্বেও প্ৰসেনজিতে নতুনকৈ বিয়া পাতিব বুলি ঘৰৰ পৰা উলিয়াই দিছিল পত্নীক আৰু দ্বিতীয় বিবাহৰ বাবে কইনা চাবলৈ দায়িত্ব দিছিল নাথপুৰৰ গণেশ সিং ছেত্ৰী আৰু মণ্টু ভূমিজক ৷ সেইমৰ্মে চান্দখিৰা চাহ বাগিচাৰ এগৰাকী যুৱতীৰ সৈতে বিয়া ঠিক কৰা হৈছিল প্ৰসেনজিতৰ ৷