কৰিমগঞ্জ, 6 ফেব্ৰুৱাৰী : শনিবাৰে কৰিমগঞ্জ জিলাৰ দণ্ডাধীশৰ আদালতৰ কাৰ্যালয় পৰিদৰ্শন কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দুজনকৈ ন্যায়াধীশে ৷ ইয়াৰ লগতে পৰিদৰ্শন কৰে কৰিমগঞ্জ জিলাৰ কাৰাগাৰ ৷
উল্লেখ্যে যে, প্ৰাপ্ত তথ্য অনুসৰি কৰিমগঞ্জ জিলাৰ দণ্ডাধীশৰ আদালতৰ কাৰ্যালয় বৰ্তমানৰ স্থানৰ পৰা চান্দছিকোনাৰ নামৰ আন এডোখৰ ছাইলৈ স্থানান্তৰ কৰা সিদ্ধান্ত লোৱা হৈছে ৷ এই সিদ্ধান্তৰ পিচতে একাংশ সচেতন লোকে এই স্থানান্তৰ কৰাৰ সিদ্ধান্ত বিৰোধে প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷
কৰিমগঞ্জ জিলাৰ দণ্ডাধীশৰ আদালত পৰিদৰ্শন উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ জিলাখনৰ সচেতন লোকৰ মতে বৰ্তমানৰ স্থানৰ পৰা কৰিমগঞ্জ জিলাৰ দণ্ডাধীশৰ আদালতৰ কাৰ্যালয়টো স্থানান্তৰ কৰিলে সাধাৰণ লোকৰ বাবে কেইবাটাও গুৰুতৰ সমস্যাৰ সৃষ্টি হ'ব ৷ বিশেষকৈ যাতায়ত তথা যোগাযোগৰ ক্ষেত্ৰত সাধাৰণ লোকে অসুবিধাৰ সন্মুখীন হ'ব ৷ গতিকে কাৰ্যালয়টো স্থানান্তৰ নকৰিবৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল কেইবাটাও দল-সংগঠনৰ লগতে সচেতন লোকে ৷
এই অভিযোগৰ ভিত্তিতে আজি কৰিমগঞ্জ জিলাৰ দণ্ডাধীশৰ আদালতৰ কাৰ্যালয় পৰিদৰ্শন কৰে ন্যায়াধীশ দুজনে ৷ ন্যায়াধীশ দুজন হৈছে চুমন শ্যাম, কুটেশ্বৰ সিং ৷
লগতে পঢ়ক: ইতিহাস ! দেশৰ প্ৰথমটো পূৰ্ণকালীন মহিলা কোব্ৰা বেটালিয়ন মুকলি